বেলতলা ব’হাগী উৎসৱত কেৱল জুবিন গাৰ্গেহে গাব পাৰিব হিন্দী গীত, বিহু কমিটীৰ বিশেষ সিদ্ধান্ত চর্চাৰ কেন্দ্ৰত
বেলতলা ব’হাগী উৎসৱ সমিতিয়ে এইবাৰ বিহু উপলক্ষে এক গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে। সংবাদমেলৰ জৰিয়তে কমিটীয়ে ঘোষণা কৰিছে যে, এই বছৰৰ বিহু অনুষ্ঠানত কেৱল জুবিন গাৰ্গেহে হিন্দী গীত পৰিৱেশন কৰাৰ অনুমতি পাব। বাকী সকলো শিল্পীয়ে কেৱল অসমীয়া গীতেই গাব পাৰিব।
জুবিন গাৰ্গৰ বাবে সৃষ্টি কৰা এই বিশেষ নিয়ম ইতিমধ্যে ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে। কমিটীৰ মতে, অতি কমসংখ্যক শিল্পীকহে এই ধৰণৰ অনুমতি দিয়া হ’ব। এই সিদ্ধান্তৰ পিছত ২০১৭ চনৰ নুনমাটি বিহুত হোৱা বিতৰ্কৰ কথা পুনৰ চাৰ্চালৈ আহিছে—যেতিয়া নুনমাটি বিহু কমিটীয়ে জুবিনক কেৱল অসমীয়া গীত গাবলৈ অনুৰোধ কৰিছিল, যি কথা জুবিন গাৰ্গে মানি নলোৱা বাবে তেওঁ গীত পৰিৱেশন নকৰাকৈ অনুষ্ঠান এৰিছিল।
এইবাৰো বেলতলা বিহু সমিতিয়ে ১০, ১১, ১২ ব’হাগত তিনিদিনীয়া ব’হাগী উৎসৱৰ আয়োজন কৰিছে। এই উৎসৱত গীত পৰিৱেশন কৰিব কনিকা ভট্টাচাৰ্য, প্ৰিয়ংকা ভৰালী, জুবলী বৰুৱা, ৰূপালী কাশ্যপ আৰু জুবিন গাৰ্গে।
নিৰাপত্তাৰ দিশটোত আয়োজকসকলে বিশেষ গুৰুত্ব আৰোপ কৰিছে। লগতে, বিহুৰ পূৰ্বেই এইবাৰ জুবিন গাৰ্গক "ড° ভূপেন হাজৰিকা বঁটা"ৰে সন্মানিত কৰা হৈছে, যি এই বৰ্ষৰ সৰ্বোচ্চ সন্মান।
এই বিশেষ সিদ্ধান্তৰ পটভূমি, ইতিহাস আৰু আগন্তুক অনুষ্ঠানৰ বাবে সৃষ্টি হোৱা উদ্দীপনাই বেলতলা বিহু উৎসৱক এইবাৰ আৰু অধিক আলোচিত কৰি তুলিছে।