অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ বাবে ISROৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ আলোচনা
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) অধ্যক্ষ ড° ভি নাৰায়ণনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হন। বৈঠকখনত মুখ্যমন্ত্ৰীয়ে অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ ASSAMSAT উৎক্ষেপণৰ বাবে কৰা প্ৰস্তুতিৰ বিষয়ে বিস্তৃত আলোচনা কৰে।
এই উপগ্ৰহে ৰাজ্যখনৰ জলবায়ু, বানপানী, সীমান্ত অনুপ্ৰৱেশ আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত নজৰ ৰাখি সহায় আগবঢ়াব। বিশেষকৈ, উপগ্ৰহখনৰ জৰিয়তে বানপানীৰ আগতীয়াকৈ সতৰ্কবাণী, নীতি নিৰ্ধাৰণ, আৰু সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ আশা কৰা হৈছে।
ISROৰ অধ্যক্ষ ড° নাৰায়ণনে মুখ্যমন্ত্ৰীক ASSAMSATৰ নিৰ্মাণ, ইয়াত ব্যৱহাৰ হ'বলগীয়া প্ৰযুক্তি, আৰু উৎক্ষেপণ প্ৰক্ৰিয়াৰ বিষয়ে সবিস্তাৰে অৱগত কৰে। তেওঁ নিশ্চিত কৰে যে ISRO অসম চৰকাৰৰ এই অভিলাষী মহাকাশ অভিযানত সকলো প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ সম্পূৰ্ণৰূপে সাজু।
উল্লেখযোগ্য যে, এই বিষয়ে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে চলিত বৰ্ষৰ বাজেট অধিবেশনত ঘোষণা কৰিছিল। ASSAMSAT সাময়িকভাৱে পৃথিৱীৰ নিম্ন কক্ষপথত (Low Earth Orbit) স্থাপন কৰা হ’ব, যাৰ জৰিয়তে ৰাজ্যখনৰ ওপৰত মহাকাশপৰ্যায়ৰ নজৰদাৰী সম্ভৱ হ’ব।
মুখ্যমন্ত্ৰীয়ে বৈঠকৰ ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি লিখিছে—
"ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মাননীয় অধ্যক্ষ শ্ৰী ভি নাৰায়ণনৰ সৈতে এক ফলপ্ৰসূ আলোচনা কৰিবলৈ পেরে সৌভাগ্যবান অনুভৱ কৰিছোঁ। অসমৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ প্ৰস্তুতি, ইয়াৰ প্ৰযুক্তিগত দিশসমূহ, আৰু মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ স্থাপনৰ বিষয়ে বিশদভাৱে মত বিনিময় কৰিলোঁ।"
মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে গুৱাহাটীৰ চন্দ্ৰপুৰত এখন মুখ্য মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ অতি সোনকালে স্থাপন কৰা হ’ব, যি ভাৰতৰ উপগ্ৰহ উৎক্ষেপণত সহায় আগবঢ়াব। আশা কৰা হৈছে যে ২০২৬ চনৰ জানুৱাৰীৰ ভিতৰত এই কেন্দ্ৰৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হব।
বৈঠকত ISROৰ অধ্যক্ষ ড° নাৰায়ণনে মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱে Cryogenic GSLVৰ কাৰ্যপদ্ধতি বুজাই দিয়ে। লগতে মিছন গগনযানৰ অধীনত ডকিং আৰু বাৰ্থিং প্ৰণালীৰ বিষয়ে আলোচনা কৰে, যি ভৱিষ্যতে ভাৰতৰ মহাকাশ অভিযানত ব্যৱহাৰ কৰা হ’ব।