ধেমাজিত পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজালে মুখ্যমন্ত্ৰী, নিৰ্বাচনী সভাত এটিৰ পিছত এটি ডাঙৰ ঘোষণা!



logo : | Updated On: 21-Apr-2025 @ 1:59 pm
SHARE 

ধেমাজিৰ অকাজানত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা: এটাৰ পাছত এটা ডাঙৰ ঘোষণা, কংগ্ৰেছক কটাক্ষ, উন্নয়নৰ ভৱিষ্যৎ পথৰ দিশনির্দেশ

ধেমাজিৰ অকাজান জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা এখনত উত্তাল হৈ পৰে, য’ত মুখ্যমন্ত্ৰীয়ে এটাৰ পাছত এটা ডাঙৰ ঘোষণা দিয়ে। সভাখনত তেওঁ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা, উন্নয়নমূলক আঁচনি, আৰু অসমত স্থিতি স্থাপন আৰু বিনিয়োগৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয় যে, গাঁওসভা আৰু গাঁও পঞ্চায়তত অৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা হ’ব, যেতিয়া জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা অব্যাহত থাকিব। তেওঁ কয়, "অগপ-বিজেপিৰ ৩০০ৰ অধিক আঞ্চলিক পঞ্চায়ত আৰু ৪০ৰ অধিক জিলা পৰিষদ প্ৰাৰ্থীয়ে নিৰ্বাচনৰ আগতে জয়ী হোৱাৰ অভূতপূর্ব সাফল্য লাভ কৰিছে।"

মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে যে ধেমাজিৰ আটাইকেইখন জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত বিজয়ী হোৱাৰ বিশ্বাস তেওঁৰ আছে। তেওঁ এই উপলক্ষ্যে ১০ মে’ত মুখ্যমন্ত্ৰী হিচাপে নিজৰ ৪ বছৰ সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰি কয়, “এই ৪ বছৰত অসমত শান্তি, প্ৰগতি আৰু উন্নয়নৰ এক নতুন পৰিৱেশ সৃষ্টি হৈছে। জনগোষ্ঠীয় সংঘাতৰ সমাপ্তি, উদ্যোগপতিসকলৰ আগমন আৰু ৫ লাখ কোটি টকাৰ বিনিয়োগৰ প্রতিশ্রুতি—এই সকলোৰে ফলত অসমে আগবাঢ়ি গৈছে।”

নিৰ্বাচনী সভাখনত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয়, “কংগ্ৰেছৰ দিনত ৰাস্তা-ঘাটৰ অৱস্থা কি আছিল, সেইটো অসমবাসীয়ে ভালদৰে জানে। অংগনৱাড়ীৰ চাকৰিৰ বাবে ঘোচ দিয়াৰ দৰে অৱস্থা আছিল। কংগ্ৰেছৰ ৰাজনীতি সীমাবদ্ধ আছিল লুঙী, ধূতি আৰু সূতা-কম্বললৈ। আজি আমাৰ মাতৃ-ভগ্নীসকলে এইবোৰ বিচাৰি লাইন পাতিব নালাগে। অৰুণোদয়ৰ ধন একাউণ্টত নিজে নিজেই আহে।”

চৰকাৰী চাকৰি প্ৰদানৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে কয়, “আমি ডেৰ লাখ চাকৰি দিয়িছো কোনো ঘোচ লোৱা নোহোৱা অৱস্থাত। এতিয়া ধেমাজিৰ যুৱক-যুৱতীসকলে বাহিৰলৈ ছিকিউৰিটি গাৰ্ড হ’বলৈ যাব নালাগে। বাহিৰলৈ যোৱা যুৱকক অসমলৈ পুনৰ ঘূৰাই আনিম। ৫ লাখ কোটি টকাৰ উদ্যোগ স্থাপিত হ’লে অসমতেই চাকৰি পাব।”

তেওঁ পুনৰ কয়, “কংগ্ৰেছৰ দিনত অংগনৱাড়ী কেন্দ্ৰ আছিল যেন পাৰৰ বাহাৰ। আমি আমাৰ বিদ্যালয়বোৰক ডন বস্কো, ছেইণ্ট মেৰীজৰ দৰে উন্নত কৰিবলৈ মনস্থিৰ। অৰুণোদয় আঁচনি দিয়া বাবে কংগ্ৰেছ বিজেপিক অপছন্দ কৰে। যদি আমি অৰুণোদয় আঁচনি বন্ধ কৰি দিওঁ, আপুনি ভাল পাব নেকি? কংগ্ৰেছে দুখীয়া মানুহৰ দুখ বুজি নাপায়।”

সভাৰ অন্তত মুখ্যমন্ত্ৰীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰে—“৪০ লাখ লোকে অৰুণোদয় আঁচনি লাভ কৰিব। যিসকলে এতিয়ালৈকে এই আঁচনিৰ সুবিধা পোৱা নাই, তেওঁলোকে আবেদন কৰিব পাৰে। আমি প্ৰতি ইউনিট বিদ্যুতত ১ টকাকৈ মাচুল হ্ৰাস কৰিছো আৰু নৱেম্বৰ-ডিচেম্বৰত পুনৰ হ্ৰাস কৰাৰ চেষ্টা চলিব। জুনৰ ভিতৰত মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকা প্ৰদান কৰা হ’ব। ধেমাজি, চিলাপথাৰ আৰু জোনাইত বিশেষ সভাৰ জৰিয়তে এই টকা বিতৰণ কৰা হ’ব।”

এই নিৰ্বাচনী সভা মুখ্যমন্ত্ৰীৰ আত্মবিশ্বাস, উন্নয়নৰ পথত আগবাঢ়ি যোৱাৰ দৃঢ় সংকল্প, আৰু শাসনত স্বচ্ছতা আনি অসমক ‘নতুন দিগন্ত’ অভিমুখে আগবঢ়াবলৈ স্থিৰ লক্ষ্যৰ প্রতিফলন হিচাপে পৰিগণিত হৈছে।




Read less Translate in Assamese


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys