নাইজেৰিয়াৰ উত্তৰ-পশ্চিমৰ জামফাৰা ৰাজ্যত দস্যুবৰ্গৰ দ্বাৰা সংঘটিত এক ভয়ংকৰ আক্ৰমণত কমেও ৯ জন লোক নিহত আৰু ১০০তকৈ অধিক লোক অপহৃত হৈছে বুলি স্থানীয় বিষয়া আৰু ৰাইজে জনাইছে। এই ঘটনা অঞ্চলখনত দীঘলীয়া সময় ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিৰ আৰু বিশেষকৈ কৃষকসকলৰ ওপৰত হোৱা আক্ৰমণৰ এটা ভয়ংকৰ উদাহৰণ।
শুকুৰবাৰে এই আক্ৰমণ জামফাৰা ৰাজ্যৰ তালাটা মাফাৰা জিলাত সংঘটিত হয়। উল্লেখযোগ্য যে, জামফাৰা হৈছে এই দস্যুবোৰৰ কাৰ্যকলাপৰ মূল কেন্দ্র, যি বহু বছৰ ধৰি অপহৰণ, হত্যা আৰু পথ চলাচলকো অনিৰাপদ কৰি তুলিছে। স্থানীয় বিধায়ক হামিচু ফারুৱে ৰয়টাৰ্ছ সংবাদ সংস্থাক জনাইছে যে আক্ৰমণকাৰীয়ে ১০০তকৈ অধিক লোক অপহৰণ কৰিছে, যাৰ ভিতৰত মহিলা আৰু শিশুসকলো আছে। তেওঁ কয়, “এই মুহূৰ্ত্ততও দস্যুবিলাকে ঘৰে ঘৰে গৈ মানুহ উঠাই লৈ আছে।”
এই জিলাৰ ৰাজনৈতিক প্ৰশাসক ইয়াহিয়া ইয়াৰী আবুবকাৰে AFP ক জনাইছে যে মুঠ ৯ গৰাকী লোক নিহত হৈছে আৰু স্থানীয় কমেও ১৫ জন লোক অপহৃত হৈছে। জাঙগেবে গাঁওৰ আবু জাকী নামৰ এজন ৰাইজে কয়, নিহতসকলৰ ভিতৰত গাঁওৰ স্বেচ্ছাসেৱী সুৰক্ষা গোটৰ মুৰব্বী আৰু তেওঁৰ পাঁচ সহযোগী আছিল, লগতে আন ৩ গৰাকী গাঁওবাসী।
ঘটনাটোৱে ৰাইজৰ মাজত গভীৰ ভয় আৰু আতংক সৃষ্টি কৰিছে। আন এজন ৰাইজ, বেল্লো আহমেদুয়ে কয়, “এতিয়া সকলোয়ে খেতি কৰাত ভয় পাইছে।” জাঙগেবে গাঁৱত ২০২১ চনত প্ৰায় ৩০০ গৰাকী ছাত্ৰীক আবাসিক বিদ্যালয়ৰ পৰা অপহৰণ কৰা হৈছিল, যাক পাচদিনমানৰ পাছত মুক্ত কৰা হয় মুক্তিপণ দিয়াৰ পিছত। এই ঘটনাৰ সময়ত মোহাম্মদ উছমান নামৰ আন এজন গাঁওবাসীয়ে ৰয়টাৰ্ছক জনাই যে দস্যুবিলাকে প্ৰায় দুই ঘণ্টালৈ গাঁওখন ঘেৰাও কৰি ৰাখিছিল আৰু তাৰ পিছতে বহু লোকক অপহৰণ কৰে। এতিয়া হাজাৰ হাজাৰ ৰাইজ গাঁও এৰি পালাই গৈছে।
জামফাৰা আৰক্ষীয়ে এই ঘটনাৰ বিষয়ে কোনো মন্তব্য দিয়া নাই।
উল্লেখযোগ্য যে, এই অঞ্চলৰ সংঘাত মূলত গো-পালক আৰু কৃষকৰ মাজত ভূমি আৰু সম্পদৰ ওপৰত হোৱা বিবাদৰ পৰা আৰম্ভ হৈছিল। কিন্তু বৰ্তমান ই অস্ত্ৰ পাচাৰৰ দ্বাৰা অধিক ভয়ংকৰ সংঘাতত পৰিণত হৈছে। দস্যুবিলাকে জামফাৰা, কাটছিনা, কাদুনা আৰু নাইজাৰ ৰাজ্যত বিস্তৃত অৰণ্য অঞ্চলত নিজৰ শিবিৰ স্থাপন কৰি এই কার্যকলাপ চলাই আছে।
চৰকাৰে এই দস্যুবোৰৰ বিৰুদ্ধে সেনাবাহিনীক সহায় কৰিবলৈ স্বেচ্ছাসেৱী আৰু সশস্ত্ৰ দল নিযুক্ত কৰিছে। যোৰা মাহত এনে এক অভিযানত, গোপন আৰক্ষীৰ সহায়ত স্বেচ্ছাসেৱী সকলে জামফাৰাৰ শিংকাফি জিলাৰ এটা দস্যু নেতাৰ শিবিৰত আক্ৰমণ কৰি প্ৰায় ১০০ জন দস্যুক হত্যা কৰিছিল বুলি বিষয়াসকলে জনাইছে।
এই সকলো প্রচেষ্টাৰ পাছতো অঞ্চলখনৰ সুৰক্ষা পৰিস্থিতি সংকটজনক হৈ পৰিছে। সাধাৰণ ৰাইজ অহৰহ আক্ৰমণ, অপহৰণ আৰু গৃহচ্যুত হোৱাৰ ভয়ত ভুগিছে। এই আটাইতকৈ নতুন আক্ৰমণটোৱে দেখুৱাইছে যে দস্যুবোৰৰ বিৰুদ্ধে এখন সংগঠিত আৰু দীৰ্ঘকালীন ৰণনীতিৰ প্ৰয়োজন আছে যাতে অঞ্চলখনত পুনৰ শান্তি প্ৰতিষ্ঠা কৰিব পৰা যায়।