ৰাজভৱন, অসম আৰু আই আই টি গুৱাহাটী এৰে এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে ডিজিটেল শাসন ব্যৱস্থালৈ আগবাঢ়ি গৈ, দুয়ো প্রতিষ্ঠানৰ মাজত এখন সমঝোতা চুক্তি (MoA) স্বাক্ষৰ কৰা হয়। বুধবাৰে অসমৰ ৰাজভৱনত আয়োজন কৰা এক অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়।
চুক্তিখন অসমৰ ৰাজ্যপালৰ কমিশনাৰ আৰু সচিব মীনাক্ষী সুন্দরম আৰু আই আই টি গুৱাহাটী ৰ অধ্যক্ষ প্ৰফেছৰ দেবেন্দ্ৰ জলিহালৰ মাজত স্বাক্ষৰিত হয়। এই যৌথ উদ্যমৰ উদ্দেশ্য হ'ল ৰাজভৱনৰ কাৰ্যপদ্ধতিক গুণগত আৰু পৰিমাণগতভাৱে সলনি কৰি অধিক দক্ষতা আৰু জনসেৱা প্ৰদানে উন্নতি সাধন কৰা। এই উদ্যোগয়ে পৰম্পৰাগত শাসন ব্যৱস্থাৰ সৈতে আধুনিক ডিজিটেল পদ্ধতি সংহতি কৰি শাসন ব্যৱস্থাত নতুনত্ব আৰু স্বচ্ছতা আনিব বুলি আশা কৰা হৈছে।
এই ধৰণৰ ডিজিটেল ৰূপান্তৰণ প্রকল্প দেশত প্ৰথমবাৰ হাতত লোৱা হৈছে। চুক্তিখনৰ অধীনত, আই আই টি গুৱাহাটী জ্ঞান কল্যাণ প্ৰকল্প (Gyan Kalyan Project) বিকাশৰ বাবে জ্ঞান অংশীদাৰ, পৰামৰ্শদাতা আৰু সম্পদ সহায়কাৰী হিচাপে কাম কৰিব।
এটা বিষয়বস্তুত উল্লেখ কৰা হৈছে, “ডিজিটেল ইণ্ডিয়া আৰু ই-গভৰ্ণেন্স ব্যৱস্থাৰ দিশত আগবাঢ়ি গৈ, জ্ঞান কল্যাণ প্ৰকল্পৰ লক্ষ্য ৰাজভৱনৰ ডিজিটেল ৰূপান্তৰণত সহায় কৰা আৰু জনসেৱা প্ৰদানত দক্ষতা বৃদ্ধি কৰা। এই প্ৰকল্পত ৩৬০ ডিগ্ৰী সম্পৃক্ততা (public grievances, green security guidelines আৰু data protection measures) অনুসৰণ কৰি সর্বাধুনিক তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব।”
এই প্ৰকল্পৰ মূল উদ্দেশ্য হ'ল ৰাজ্যপালৰ বহুমুখী দায়িত্বসমূহ—বিধানিক, কাৰ্যবাহী, আৰু ন্যায়িক—কাৰ্য্যক্ষম আৰু ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাত সহায় কৰা। ইয়াত সংবিধানিক, আইনি, সাময়িক আৰু বিবেচনামূলক দায়িত্বসমূহ অন্তৰ্ভুক্ত থাকে।
আই আই টি গুৱাহাটী নিজৰ প্ৰযুক্তিগত দক্ষতা ব্যৱহাৰ কৰি ৰাজভৱনৰ বাবে এক শক্তিশালী ডিজিটেল শাসন কাঠামো বিকাশ কৰিব। এই কাঠামোত চেন্সেলৰৰ প’ৰ্টেল, গৱৰ্ণৰৰ কাৰ্যালয় প’ৰ্টেল, বিভাগসমূহ আৰু প্ৰতিষ্ঠানসমূহ, ৰাজ্যপালৰ ভ্ৰমণ, আৰু জনসাধাৰণৰ সৈতে সম্পৰ্ক (অভিযোগ, আবেদনপত্ৰ, স্মাৰকলিপি আদিৰ ব্যৱস্থা), ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত অঞ্চলসমূহৰ বিষয়বস্তু আৰু ৰাজ্যপালৰ উদ্যমসমূহ সামৰি লোৱা হ’ব।
এই MoAটো ৰাজ্যিক শাসন ব্যৱস্থাত এক নতুন দিশা প্ৰদর্শন কৰে আৰু আন ৰাজ্যসমূহৰ বাবে এক আদৰ্শ ৰূপে বিবেচিত হ’ব পাৰে। এইটো চৰকাৰী কাৰ্যপদ্ধতিত উদ্ভাৱন আৰু ডিজিটেল দক্ষতা আগবঢ়োৱা এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গণ্য কৰা হৈছে।