অপাৰেচন সিন্ধুৰ পিছত দুয়ো পক্ষৰ সামৰিক অভিযান বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ দুদিন পিছত, ভাৰত আৰু পাকিস্তানৰ সেনাৰ মহাপৰিচালকে সীমান্ত আৰু আগভাগৰ অঞ্চলসমূহৰ পৰা তৎকালিকভাৱে সেনা হ্ৰাসৰ পদক্ষেপ বিবেচনা কৰিবলৈ একমত হয়। লেফ্টেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই আৰু মেজৰ জেনেৰেল কাশিফ আব্দুল্লাৰ মাজত আলোচনাত দুয়ো দেশৰ দ্বন্দ্ব এৰাই চলাৰ সংকল্প পুনৰব্যক্ত কৰা হয়।
ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে প্ৰকাশ কৰে যে, পাকিস্তানৰ ড্ৰোন আৰু মিছাইল আক্ৰমণক বহুস্তৰীয়া বায়ু প্ৰতিরক্ষা ব্যৱস্থাৰে সফলভাৱে প্ৰতিহত কৰা হৈছিল। ভাৰতৰ পাল্টা আক্ৰমণত ১৩টা পাকিস্তানী সামৰিক স্থাপনাত পৰিস্ফুটন ঘটোৱা হয়।
নৌসেনাই উন্নত নজৰদাৰী আৰু ফ্লীট এয়াৰ ডিফেন্স ব্যৱস্থা জৰিয়তে সাগৰীয় অঞ্চলত আধিপত্য বজাই ৰাখিছিল। বিমান বাহিনীয়ে স্পষ্ট কৰে যে, সকলো ভাৰতীয় সামৰিক ঘাঁটি পূৰ্ণৰূপে কাৰ্যক্ষম অৱস্থাত আছে আৰু যিকোনো অপাৰেশ্যনত অংশগ্ৰহণ কৰিবলৈ প্রস্তুত।
পাকিস্তানৰ সাৰগোধাৰ কাষৰ কিৰানা পৰ্বতৰ নিউক্লিয়াৰ স্থাপনাত আক্ৰমণ কৰা হোৱা নাই বুলি ভাৰতীয় সেনাই জানিবলৈ দিয়ে।