মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক কঠোৰভাৱে সমালোচনা কৰি তেওঁক “সম্পূৰ্ণভাৱে পাগল” বুলি অভিহিত কৰে। এই মন্তব্য পুটিনৰ নেতৃত্বত ইউক্ৰেইনৰ ওপৰত হোৱা সৰ্ববৃহৎ বায়ু আক্ৰমণৰ পাছত কৰা হয়, য’ত কমেও ১৩ জন নিহত আৰু ৬০ ৰো অধিক লোক আহত হয়। পূৰ্বে পুটিনৰ সৈতে সদ্ভাৱপূৰ্ণ সম্পর্কৰ কথা কৈ অহা ট্ৰাম্পে এইবাৰ তেওঁক তীব্ৰ সমালোচনা কৰে আৰু কয় যে ইউক্ৰেইন দখলৰ পুতিনৰ প্ৰয়াসই অৱশেষত ৰাছিয়াৰ ধ্বংসৰ পথ খুলিব পাৰে। তেওঁ কয় যে পুটিন ইউক্ৰেইনৰ এটা অংশ নহয়, সমগ্ৰ দেশটো দখল কৰিবলৈ চেষ্টা কৰিছে—এই সন্দেহ এতিয়া বাস্তৱ হৈ পৰিছে।
ইয়াৰ পাছতেই ইউক্ৰেইনৰ বায়ুসেনাই জনায় যে ৰাছিয়াই ২৯৮ টা ড্ৰোন আৰু ৬৯ টা মিছাইল প্ৰেৰণ কৰিছিল, যাৰ ভিতৰত ২৬৬ টা ড্ৰোন আৰু ৪৫ টা মিছাইল ইউক্ৰেইনে ধ্বংস কৰিবলৈ সক্ষম হয়। আক্ৰমণটো যদিও মৃত্যুৰ দিশৰ পৰা আটাইতকৈ ডাঙৰ নহয়, কিন্তু অস্ত্ৰ ব্যৱহাৰৰ দিশৰ পৰা এইটো সৰ্ববৃহৎ আছিল। ইউক্ৰেইনৰ বিপৰ্যয় পৰিষেৱাই দেশজুৰি “ভয়ৰ পৰিৱেশ”ৰ বৰ্ণনা দিয়ে। ঝিটোমিৰ অঞ্চলত নিহতসকলৰ ভিতৰত ৮, ১২ আৰু ১৭ বছৰীয়া শিশুও আছিল।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ'ল’ডিমিৰ জেলেনস্কীয়ে ৰাছিয়াৰ ওপৰত কঠোৰ বৈদেশিক চাপৰ আহ্বান জনায়। তেওঁ কয় যে আমেৰিকা আৰু বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ নিৰৱতাই পুটিনক উৎসাহিত কৰি তুলিছে, আৰু নিষেধাজ্ঞাই এই নিষ্ঠুৰতা ৰোধ কৰিবলৈ সহায় কৰিব।
ট্ৰাম্পে এতিয়া স্পষ্টকৈ কৈছে যে পুটিনৰ ওপৰত তেওঁৰ ধৈৰ্য্য শেষ হৈ আহিছে। তেওঁ সাংবাদিকক কয়, “মই জানো পুটিন কি কৰি আছে আৰু মই ইয়াত সন্তুষ্ট নহয়। তেওঁ বহু মানুহক হত্যা কৰি আছে।” লগতে, ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীকো সমালোচনা কৰে আৰু কয় যে তেওঁৰ কথাবাৰ্তাই ইউক্ৰেইনক সহায় নকৰে।
ট্ৰাম্পে কয় যে তেওঁ ৰাষ্ট্ৰপতি হিচাপে ঘূৰি অহাৰ কেইদিনৰ ভিতৰতেই যুদ্ধ শেষ কৰিব পাৰে। তেওঁৰ মতে, ৰাছিয়া ইউক্ৰেইনৰ তুলনাত শান্তিচুক্তিৰ বাবে অধিক ইচ্ছুক। কিছুদিন আগতে ট্ৰাম্পে পুটিনৰ সৈতে দুই ঘণ্টীয়া ফোনত কথা পাতিছিল আৰু কয় যে পুটিন আৰু জেলেনস্কীয়ে “অবিলম্বে যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ কৰিব” বুলি সিদ্ধান্ত লৈছিল। কিন্তু পুটিনে যুদ্ধ ৰখাৰ কোনো স্পষ্ট অঙ্গীকাৰ নকৰিলে আৰু কেৱল এখন “মেমৰেণ্ডাম”ত কাম কৰাৰ কথা প্ৰকাশ কৰে।
ইপিনে, ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ কূটনীতিক কায়া কলাছ আৰু জাৰ্মান বৈদেশিক মন্ত্ৰী জোহান ৱাডেফুলে ৰাছিয়াৰ আক্ৰমণৰ তীব্ৰ নিন্দা কৰে। তেওঁলোকে কয় যে পুটিনৰ লক্ষ্য শান্তি নহয়, যুদ্ধ চলাই যাওঁ বুলি। তেওঁলোকে ইউৰোপীয় স্তৰত অধিক নিষেধাজ্ঞা আৰোপ কৰাৰ ঘোষণা দিয়ে।
এই প্ৰতিদ্বন্দ্বিতাৰ মাজতে ৰাছিয়া আৰু ইউক্ৰেইনে ৩০৩ জন বন্দীৰ আদান-প্ৰদান কৰে, যি ২০২২ চনৰ পূৰ্ণমাত্ৰিক আক্ৰমণৰ পাছৰ সৰ্ববৃহৎ বন্দী বিনিময়। এইবাৰ ইস্তানবুলত ১৬ মে’ৰ আলোচনাৰ সময়ত ঠিক কৰা বিনিময়ৰ শেষ পৰ্ব আছিল, য’ত দুয়োপক্ষই ১০০০ জনকৈ সেনা আৰু নাগৰিক মুক্ত কৰে।
এই সকলো ঘটনাৰ মাজতো যুদ্ধৰ অন্ত পৰাৰ কোনো লক্ষণ এতিয়াও দেখা হোৱা নাই।