মালদ্বীপৰ বিদেশ মন্ত্ৰী আব্দুল্লা খালীল আজি তিনিদিনীয়া ভাৰত ভ্ৰমণৰ বাবে দিল্লীত উপস্থিত হয়। এই বছৰত ভাৰতলৈ তেওঁৰ এই তৃতীয় খন ভ্ৰমণ। এই ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে ভাৰত-মালদ্বীপ সমগ্ৰ অর্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ কাৰ্যকৰী অগ্ৰগতি পৰ্যালোচনা কৰা। সোমবাৰে বিদেশ মন্ত্ৰী খালীল আৰু ভাৰতৰ বিদেশ মন্ত্ৰী এস. জয়শংকৰে এই অংশীদাৰিত্ব সন্দৰ্ভত উচ্চ-স্তৰৰ কোৰ গ্ৰুপ (High Level Core Group) বৈঠকত অংশ ল’ব।
এই অংশীদাৰিত্বৰ পৰিকল্পনা ২০২৩ চনৰ অক্টোবৰ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল। এই দৃষ্টিভংগীয়ে দুয়ো দেশৰ মাজত অৰ্থনৈতিক উন্নয়ন আৰু সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা বঢ়াবলৈ লক্ষ্য ৰাখিছে।
ভাৰতৰ পৰাষ্ট্রমন্ত্ৰালয়ে (MEA) কয় যে মালদ্বীপ ভাৰতৰ এজন গুৰুত্বপূৰ্ণ সামুদ্ৰিক পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰ আৰু ‘নাইবাৰহুড ফাৰ্ষ্ট’ নীতিৰ লগতে MAHASAGAR (Mutual and Holistic Advancement for Security and Growth Across Regions) দৃষ্টিভংগীৰ এটা মূল অংশীদাৰ।
যদিও বিগত কিছু মাহত দুয়ো দেশৰ সম্পর্কত উত্তেজনা সৃষ্টি হৈছিল, বিশেষকৈ ২০২৩ চনৰ নভেম্বৰ মাহত ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত। তেওঁৰ শপথ গ্ৰহণৰ কিছু ঘণ্টাৰ ভিতৰতে তেওঁ ভাৰতীয় সেনা বাহিনী মালদ্বীপৰ পৰা প্ৰত্যাহাৰ কৰাৰ দাবী জনায়। ইয়াৰ ফলত, ভাৰতীয় সেনা বাহিনীকে স্থানান্তৰ কৰি নাগৰিক কৰ্মচাৰী নিযুক্ত কৰা হৈছিল।
যদিও এই ঘটনাই সাময়িকভাৱে সম্পর্কত চাপ সৃষ্টি কৰিছিল, ২০২৩ চনৰ অক্টোবৰত মুইজ্জুৰ দিল্লী ভ্ৰমণৰ সময়ত সম্পর্ক কিছু পৰিমাণে উন্নত হয়। তেতিয়া তেওঁ দুয়ো দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা অধিক গঢ়ি তুলাৰ সংকল্প প্ৰকাশ কৰে।
বিদেশ মন্ত্ৰী খালীলৰ বৰ্তমান ভ্ৰমণ সেই কূটনৈতিক প্ৰচেষ্টাৰ এটা অঙ্গ। ই স্পষ্টকৈ সূচাই যে দুয়ো দেশেই সহযোগিতা, আস্থা আৰু সংলাপৰ জৰিয়তে সম্পর্ক উন্নয়নৰ দিশে আগবাঢ়িব বিচাৰে, বিশেষকৈ সামুদ্ৰিক সুৰক্ষা আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত।
এই ভ্ৰমণে ভাৰত-মালদ্বীপৰ সুদীৰ্ঘ আৰু ঘনিষ্ঠ দ্বিপাক্ষিক সম্পৰ্ক পুনৰুজ্জীৱিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।