চেনাব দলং উদ্বোধন: ভাৰতৰ আটাইতকৈ ডাঙৰ অভিযান্ত্ৰিক চেলেঞ্জৰ সফলতা



logo : | Updated On: 06-Jun-2025 @ 2:37 pm
SHARE 

প্ৰধানমন্ত্ৰী নরেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা চেনাব দলঙ হৈছে ভাৰতৰ এটা ঐতিহাসিক অৱদান আৰু বিশ্বৰ সৰ্বোচ্চ ৰেল দলঙজম্মু আৰু কাশ্মীৰত অৱস্থিত এই দলঙখন উধমপুৰ-শ্রীনগৰ-বৰামুল্লা ৰেল লিংক (USBRL) প্ৰকল্পৰ ২৭২ কিলোমিটাৰৰ অংশ, যি ভাৰতীয় অভিযান্ত্ৰিকতাক এক নতুন উচ্চতালৈ লৈ গৈছে। এই প্ৰকল্পৰ অংশ হিচাপে ভাৰতৰ প্ৰথম কেব্‌ল-ষ্টে’ড ৰেল দলঙ অঞ্জি খাদ দলঙটোও অন্তৰ্ভুক্ত।

চেনাব দলঙখনৰ উচ্চতা ৩৫৯ মিটাৰ, যি পেৰিছৰ আইফেল টাৱাৰৰ পৰা ৩৫ মিটাৰ বেছি আৰু কুতুব মিনাৰৰকৈ প্ৰায় ৫ গুণ। দলঙখনৰ মুঠ দৈৰ্ঘ্য ১.৩১ কিমি, আৰু ইয়াৰ নিৰ্মাণত ২৮,৬৬০ মেট্ৰিক টন ষ্টীল ব্যৱহাৰ কৰা হৈছে। ই -২০ ডিগ্ৰীৰ পৰা ৪০ ডিগ্ৰী সেলচিয়াছলৈকে তাপমাত্রা সহনক্ষম, আৰু ২৬৬ কিমি/ঘণ্টা বেগৰ বতাহ আৰু শক্তিশালী ভূমিকম্পো সহ্য কৰিব পাৰে।

এই দলঙখন ২০০৩ চনত অনুমোদিত হৈছিল আৰু ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ ২০ বছৰ সময় লাগিছিল, কাৰণ হিমালয়ৰ কঠিন ভৌগোলিক অৱস্থা আৰু দুৰ্গম অঞ্চলত ভাৰসাম্য ৰাখি কাম সম্পন্ন কৰাটো এটা বৃহৎ আৱহা আৰু পৰিবহন চিন্তা আছিল। পৰিকল্পনা, গৱেষণা আৰু উন্নত প্ৰযুক্তিৰ সহায়ত, এই প্ৰকল্পটো ভাৰতীয় ৰেলৱেৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ অভিযান্ত্ৰিক চেলেঞ্জ হিচাপে বিবেচিত হৈছে।

এই দলঙখন তেনেদৰে ডিজাইন কৰা হৈছে যে যদি কেতিয়াবা এখন পিয়াৰ (support pillar) ক্ষতিগ্ৰস্ত হয় তেন্তে একদম কম গতিৰে হলেও ট্ৰেইন চলাই লৈ যোৱা সম্ভৱ হ’ব। এইটো নিরাপত্তাৰ ক্ষেত্ৰত এক বিশেষ সুবিধা। দলঙখনৰ আৱশ্যকতা অনুসৰি বহু বছৰ ধৰি গৱেষণা আৰু পৰামৰ্শৰ আঁচনি চলিছিল।

এই উদ্বোধনৰ সৈতে, প্ৰধানমন্ত্ৰী মোদীয়ে কাটৰা আৰু শ্রীনগৰৰ মাজত বিশেষ ভাণ্ডে ভাৰত এক্সপ্ৰেছ ৰে’ল সেৱা আৰম্ভ কৰিছে, যি কাশ্মীৰৰ পৰ্যটন আৰু অৰ্থনীতিৰ বাবে গেম-চেঞ্জাৰ হিচাপে বিবেচনা কৰা হৈছে।

এই ট্ৰেইনবোৰ বিশেষভাৱে অতি ঠাণ্ডা অঞ্চলত চলাৰ বাবে ডিজাইন কৰা হৈছে। ইবোৰত সিলিকন হিটিং পেড, বায়ো-টয়লেট, অটো-ড্ৰেইনিং ছিষ্টেম, আৰু এন্টি-স্পল লেয়াৰ (যি বৰফ বা পাথৰে জানালিৰে খুন্দিয়াওঁতে অভ্যন্তৰ ভাগত ক্ষতি নকৰে) সংযুক্ত।

এইবোৰ সম্পূৰ্ণভাৱে ইলেকট্ৰিকৰ দ্বাৰা চলিত, উন্নত গৰমীকৰণ ব্যৱস্থা আৰু আধুনিক সুবিধাৰে পূৰ্ণ। ইবোৰে কাশ্মীৰ অঞ্চলত সকলো ঋতুত নিরাপদে আৰু সুবিধাজনকভাৱে যাত্ৰা কৰিব পাৰিব।

চেনাব দলঙ আৰু ভাণ্ডে ভাৰত ট্ৰেইন — দুয়োটাই ভাৰতীয় অভিযান্ত্ৰিকতা আৰু পৰিবহন ব্যৱস্থাৰ গৌৰৱময় প্ৰতীক, যিয়ে ভাৰতৰ উন্নয়ন আৰু সংযোগত এক নতুন অধ্যায় আৰম্ভ কৰিছে।




Read less Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys