চেন্নাইস্থিত গ্লোবেল প্ৰযুক্তি প্ৰতিষ্ঠান জ’হ’ৰ “ষ্টেট অফ ডিজিটেল এণ্ড কাষ্টমাৰ অপাৰেশ্বন্স ইন ইণ্ডিয়ান এম.এছ.এম.ই.ছ” শীৰ্ষক শেহতীয়া এক সমীক্ষাত ৫,১৪৯ গৰাকী মাইক্র’, সৰু আৰু মধ্যম আকাৰৰ উদ্যোগ (MSMEs)-ৰ উত্তৰ ভিত্তিত ২০২৫ চনত ৮১% উদ্যোগে ক্লাউড খৰচ বঢ়াব বুলি ইচ্ছা প্ৰকাশ কৰিছে।
এই সমীক্ষাটো ২০২৪ চনৰ এপ্ৰিলৰ পৰা জুনৰ ভিতৰত অনুষ্ঠিত হৈছিল, য'ত ডিজিটেল গ্ৰহণৰ পৰিমাণ, ব্যৱহাৰ প্ৰৱণতা আৰু ডিজিটেল ৰূপান্তৰণৰ (DX) পথত MSMEs-ৰ সন্মুখীন হোৱা সমস্যাসমূহ অধ্যয়ন কৰা হয়। উচ্চ সফ্টৱেৰ খৰচ, বাজেটৰ সীমা, প্ৰযুক্তিগত দক্ষতাৰ অভাৱ আৰু ইন্টিগ্ৰেশ্বন সমস্যাই ডিজিটেল গ্ৰহণৰ মুখ্য বাধা হিচাপে ওলাই আহিছে। বৰ্তমান সময়ত উদ্যোগসমূহৰ বাবে মুখ্য প্ৰযুক্তি ক্ষেত্ৰবোৰ হৈছে CRM (Customer Relationship Management), বিত্তীয় সেৱা আৰু বিজনেছ ইণ্টেলিজেঞ্চ।
জ’হ’ৰ প্ৰতিষ্ঠাপক তথা CEO শ্ৰীৰাম ভেম্বুৱে Business Today-ক দিয়া এক সাক্ষাৎকাৰত কয়, দেশৰ অৰ্থনৈতিক বৃদ্ধিত MSMEs-ৰ গুৰুত্ব বৰ্ধমান। বহু MSME-এ এতিয়াও সস্তা আৰু উপযোগী ডিজিটেল সমাধানৰ অভাৱত ভুগিছে। ভাৰতত MSME-ৰ সংখ্যা ৬.৩ কোটিৰ পৰা ৭.৫ কোটিলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে, যি GDP বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
সমীক্ষা অনুসৰি, ৭৩% MSME নিজৰ পৰৱৰ্তী ৬ মাহৰ উন্নয়ন সম্ভাৱনাৰ বিষয়ে আশাবাদী। যদিও ৫৪% উদ্যোগে অৰ্থনৈতিক অনিশ্চয়তা, ৪৪%য়ে মূল্যস্ফীতি আৰু ৩৩%য়ে দক্ষ কৰ্মচাৰীৰ অভাৱক চিন্তাৰ কাৰণ বুলি প্ৰকাশ কৰিছে। IT বাজেটৰ বাবে ৯৮% উদ্যোগে পৰিকল্পনা কৰিছে, য’ত ৭৭%য়ে ৫০% পৰ্যন্ত খৰচ ক্লাউডৰ বাবে ৰাখিছে, আৰু ২৩%য়ে ৫০%-ৰো অধিক ভাগ ক্লাউডৰ বাবে সংৰক্ষণ কৰিছে।
প্ৰৱাল সিং, জ’হ’ৰ VP (Marketing and Customer Experience)-এ কয়, MSMEs-ৰ বাবে নিৰ্মিত CRM প্ৰডাক্ট “Bigin” জ’হ’ৰ দ্বাৰা উন্নীত কৰা হৈছে, যি সহজ, ফিচাৰ-সমৃদ্ধ আৰু খৰচৰ দিশৰ পৰা সহনযোগ্য।
সমীক্ষাৰ আন উল্লেখযোগ্য তথ্য অনুসৰি:
৮১% MSME-এ ২০২৫ চনত ক্লাউড খৰচ বৃদ্ধি কৰাৰ কথা কয়।
৯৭% MSME-এ নিজৰ IT আৰু ক্লাউড প্ৰয়োজনত আয়ৰ ২০% পৰ্যন্ত খৰচ কৰে।
৪৪% মধ্যম আকাৰৰ উদ্যোগে (₹১০০-২৫০ কোটি টকা টাৰ্ন’ভাৰ) ক্লাউড খৰচ বঢ়াব বুলি কয়।
CRM, Finance, Cybersecurity আৰু Business Intelligence সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰযুক্তি ক্ষেত্ৰ।
৮৭% উদ্যোগে CRM ব্যৱহাৰ কৰিছে, য’ত ৯৭%য়ে উন্নতি লক্ষ্য কৰিছে।
CRM ব্যৱহাৰে ৭২% সময় বচায়, ৭১% আয় বঢ়ায় আৰু ৬৬% সিদ্ধান্ত লোৱাত সহায় কৰে।
তথাপিও, ৭১% উদ্যোগে এতিয়াও CRM-ৰ লগত বা একেলগে স্প্ৰেডশ্বীট ব্যৱহাৰ কৰে।
৯১% উদ্যোগে বিক্ৰী আৰু মাৰ্কেটিংৰ অসামঞ্জস্যতাক প্রধান সমস্যা বুলি কয়।
তদুপৰি, বিক্ৰীৰ ক্ষেত্ৰত বেছি পৰিৱৰ্তন, দলগত সহযোগিতা আৰু তথ্যভিত্তিক সিদ্ধান্ত গ্ৰহণৰ বাবে উন্নতিৰ প্ৰয়োজন বোধ কৰে।
এই সমীক্ষাই প্ৰকাশ কৰিছে যে ভাৰতীয় MSME-সমূহ ডিজিটেল ৰূপান্তৰণৰ পথত আগবাঢ়িছে যদিও বহু সমস্যাৰ সন্মুখীন। CRM আৰু ক্লাউড গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকৰ উৎসাহ বঢ়ি আছে, যাৰ দ্বাৰা ভাৰতৰ ক্ষুদ্ৰ উদ্যোগসমূহ অধিক প্ৰযুক্তিসম্পন্ন আৰু প্ৰতিযোগিতামূলক হ’ব পাৰিব।