আন্তৰ্জাতিক পৰমাণু শক্তি সংস্থা (IAEA)-ৰ মহাপৰিচালক ৰাফায়েল গ্ৰোচীয়ে ইজৰাইল আৰু ইৰানৰ মাজত চলি থকা সংঘাতৰ বিষয়ে গভীৰ চিন্তা প্ৰকাশ কৰিছে। তেওঁ কয় যে চাৰিদিন ধৰি চলি থকা এই সংঘাতে কূটনীতি আৰু পৰমাণু সুৰক্ষাৰ ক্ষেত্ৰত গভীৰ সংকটৰ সৃষ্টি কৰিছে আৰু সকলো পক্ষক অধিক সংযম অবলম্বন কৰিবলৈ আহ্বান জনায়।
ভিয়েনাত সোমবাৰে অনুষ্ঠিত IAEA-ৰ গভৰ্ণিং ব'ৰ্ডৰ এক তৎকালীন বৈঠকত গ্ৰোচীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে মধ্য-প্ৰাচ্য এখন সংকটজনক পৰ্যায়ত উপনীত হৈছে। সামৰিক তীব্ৰতা বৃদ্ধি পোৱাৰ ফলত মানুহৰ প্ৰাণনাশ, তেজস্ক্ৰিয় বিকিৰণৰ সম্ভাৱনা আৰু পৰিবেশৰ ওপৰত গভীৰ প্ৰভাৱ পৰিব পাৰে। লগতে, এই সংঘাতই ইৰানক পৰমাণু অস্ত্ৰৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে চলি থকা কূটনৈতিক প্ৰচেষ্টাক দীৰ্ঘকালৰ বাবে বিলম্বিত কৰিব পাৰে।
ইয়াৰ লগতে, ইজৰাইলৰ বিমান আক্ৰমণৰ পাছত ইৰানৰ পৰমাণু স্থাপনাসমূহৰ অৱস্থাৰ বিষয়ে প্ৰযুক্তিগত হালধেনিও প্ৰদান কৰে গ্ৰোচীয়ে। ইৰানৰ মুখ্য ইউৰেনিয়াম সমৃদ্ধিকৰণ কেন্দ্ৰ নাটাঞ্জক আক্ৰমণ কৰা হৈছিল, যদিও তলত থকা অংশবোৰ প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হোৱা নাই। কিন্তু আক্ৰমণৰ ফলত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰাৰ বাবে গুৰুত্বপূর্ণ উপকৰণসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰে তেওঁ।
তেওঁ লগতে উল্লেখ কৰে যে নাটাঞ্জৰ বাহিৰত বিকিৰণৰ পৰিমাণ স্বাভাৱিক আৰু পৰিবেশ বা জনসাধাৰণৰ ওপৰত কোনো প্ৰভাৱ পৰাৰ প্ৰমাণ পোৱা নগ’ল।
নাটাঞ্জৰ উপৰিও, ইস্পাহান প্ৰদেশৰ চাৰিটা নিউক্লিয়াৰ স্থাপনাও ক্ষতিগ্ৰস্ত হৈছে। যদিও ফৰড’ ইউৰেনিয়াম সমৃদ্ধিকৰণ কেন্দ্ৰ, বুশেহৰ নিউক্লিয়াৰ বিদ্যুৎ কেন্দ্ৰ আৰু নিৰ্মাণাধীন ৰিয়েক্টৰ সম্পূর্ণ সুৰক্ষিত আছে।
গ্ৰোচীয়ে জনায় যে IAEA-ৰ কৰ্মচাৰীসকল এতিয়াও ইৰানত আছে আৰু পৰিস্থিতি সুৰক্ষিত হ’লেই সম্পূৰ্ণ পৰ্যবেক্ষণ পুনৰ আৰম্ভ কৰিবলৈ সাজু।
এই সময়তে, ইৰণত দেশীয় ৰাজনৈতিক চাপ বৃদ্ধি পাইছে। সংসদত এখন খচৰা বিধেয়ক প্ৰস্তুত কৰা হৈছে, যাৰ জৰিয়তে ইৰানে "পরমাণু অস্ত্ৰ বিস্তাৰ প্ৰতিষেধক চুক্তি" (NPT) পৰিত্যাগ কৰিব পাৰে। এনে এটা পদক্ষেপে আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্রণ ব্যৱস্থাক গভীৰ ক্ষতি কৰিব।
ইৰানৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ইসমাইল বাঘাঈয়ে কয় যে এই বিধেয়ক এতিয়াও প্ৰাথমিক পৰ্যায়ত আছে আৰু সংসদ সদস্যসকলৰ সৈতে আলোচনাৰ প্ৰয়োজন। তেওঁ পুনৰ জানিবলৈ দিয়ে যে ইৰান পৰমাণু অস্ত্ৰ উন্নয়নৰ বিপক্ষে থাকিবলৈ প্ৰতিশ্রুতিবদ্ধ।
এই সাম্প্ৰতিক ঘটনাবলীয়ে বিশ্বজুৰি সুৰক্ষা, কূটনীতি, আৰু নিউক্লিয়াৰ অস্ত্ৰ বিস্তাৰ প্ৰতিষেধৰ ক্ষেত্ৰত গভীৰ আশংকাৰ সৃষ্টি কৰিছে।