হিউমেনইড ৰোবটে শীঘ্ৰেই চাকৰি কাঢ়ি ল’ব পাৰে বুলি সতৰ্কবাণী দিলে OpenAI ৰ CEO ছাম অল্টমানে



logo : | Updated On: 17-Jun-2025 @ 3:06 pm
SHARE 

অ’পেনএআইৰ মুখ্য কাৰ্যবাহী বিষয়া ছেম অল্টমেনে ব্লুমবাৰ্গ অ’ৰিজিনেলছৰ ‘The Circuit with Emily Chang’ অনুষ্ঠানত কৃত্ৰিম বুদ্ধিমত্তা (AI) সম্পৰ্কে দৃষ্টিভংগী প্ৰকাশ কৰে। তেওঁ কয় যে AI-এ নিশ্চিতভাৱে বহু চাকৰিত পৰিৱর্তন আনিব—কিছুমান চাকৰি হেৰাই যাব, কিন্তু তাৰ বিপৰীতে বহু নতুন চাকৰিও সৃষ্টি হ’ব। এই ধৰণৰ টেকন’লজিৰ বাবে হোৱা চাকৰিৰ ৰূপান্তৰ ইতিহাসত নতুন নহয়, যদিও এইবাৰ ইয়াৰ গতি আগৰ তুলনাত বহু গুণ বেছি।

তেওঁ মানৱ আকৃতিৰ ৰ’বট অহাৰ সম্ভাৱনা উল্লেখ কৰি কয় যে ইয়াৰ দ্বাৰা অধিক সংখ্যক চাকৰি প্ৰতিস্থাপিত হ’ব। অল্টমেনে AIৰ দ্বাৰা বিজ্ঞানৰ গতি তীব্ৰ হোৱা সম্ভাৱনাও ব্যক্ত কৰে—2025 চনত AI এজেন্টে প্ৰচলিত কামবোৰ কৰিব, আৰু 2026 চন বৈজ্ঞানিক অগ্ৰগতিৰ বাবে গুৰুত্বপূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰে।

এই আলোচনাত AI অবকাঠামো নিৰ্মাণৰ বাবে $500 বিলিয়নৰ ‘Stargate Project’-ৰো বিশেষ উল্লেখ কৰা হয়, যি OpenAI, Microsoft, Nvidia, Arm, Oracle, Softbank আদিৰ সৈতে অংশীদাৰিত্বত আৰম্ভ হৈছে। এই পৰিকল্পনাত চাৰিবছৰৰ ভিতৰত যুক্তৰাষ্ট্ৰত ডাটা চেন্টাৰ, শক্তি উদ্‌পাদন কেন্দ্ৰ আৰু পাওৰ লাইন নিৰ্মাণ কৰা হ’ব। প্ৰথম ডাটা চেন্টাৰখন টেক্সাছত নিৰ্মাণাধীন, য’ত OpenAI-ৰ নতুন মডেল প্ৰশিক্ষণ দিয়া হ’ব।

অল্টমেনে স্বীকাৰ কৰে যে AI মডেলসমূহৰ ব্যাপক ব্যৱহাৰে OpenAIৰ কম্পিউটিং ক্ষমতাত চাপ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে, Ghibli-style চিত্ৰ উৎপাদনৰ বাবে AI ব্যৱহাৰৰ ফলত কম্পিউটৰ ডিমান্ড বহুগুণে বৃদ্ধি পাইছে, যাৰ বাবে OpenAI-য়ে কিছুমান বৈশিষ্ট্য স্থগিত ৰাখিব লগা হৈছে।

মাইক্র’চফ্টৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত তেওঁ কয়, যদিও মাইক্র’চফ্ট OpenAI-লৈ যথেষ্ট সহায় আগবঢ়ায়, এই ধৰণৰ বৃহৎ প্ৰকল্পৰ বাবে এটা কোম্পানীৰ সহায় যথেষ্ট নহয়।

DeepSeek নামৰ প্ৰতিদ্বন্দ্বীৰ বিষয়ে তেওঁ কয় যে দলটো যথেষ্ট প্ৰতিভাবান, কিন্তু OpenAI-তকৈ অধিক দক্ষতা উন্মোচন কৰিছে বুলি তেওঁ বিশ্বাস নকৰে। অল্টমেনে OpenAI-ৰ আগ্ৰগতি—নতুন চিপ, শক্তি উৎস আৰু এলগৰিদম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আৰ্থিক স্থিতি সম্পৰ্কে তেওঁ কয়, OpenAI এক অভিনৱ দিশত কাম কৰি আছে, আৰু সকলো ঠিকেই হ’ব বুলি নিশ্চয়তা নাই। AI সেৱাৰ বাবে গ্ৰাহকে অর্থ প্ৰদান বন্ধ কৰিলে, OpenAI কঠিন অৱস্থালৈ যাব পাৰে বুলি তেওঁ সতৰ্কবাণী দিয়ে।

অন্ততঃ তেওঁ প্ৰকাশ কৰে যে, যদি ডোনাল্ড ট্ৰাম্প পুনৰ ৰাষ্ট্ৰপতি হয়, তেন্তে AI-ৰ ক্ষেত্ৰত গুৰত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সুযোগ পাব। তেওঁ ট্ৰাম্পৰ শিল্প-বোধগম্যতাক প্রশংসা কৰে আৰু কয়, AI ক্ষেত্ৰত যি পৰিৱর্তন আহি আছে, তাক ট্ৰাম্পে ছুটি সময়তে বুজি উঠিবলৈ সক্ষম হৈছে।




Read less Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys