অম্বুবাচী মহাযোগ ২০২৫-ৰ উপলক্ষে কামাখ্যা মন্দিৰত অনুষ্ঠিত হ'ব লগা চারিদিনীয়া পৰ্বৰ বাবে গুৱাহাটী আৰক্ষীয়ে নিৰাপত্তা আৰু সুশৃঙ্খল ব্যৱস্থাপনা নিশ্চিত কৰাৰ উদ্দেশ্যে ১০টা মুখ্য নিৰ্দেশনা প্ৰকাশ কৰিছে। ২২ জুনৰ পৰা ২৫ জুনলৈ এই পৰ্ব উদযাপন হ'ব, য'ত দেশবিদেশৰ পৰা লাখ লাখ ভক্তে কামাখ্যা মন্দিৰলৈ আগমন কৰাৰ আশা কৰা হৈছে।
নির্দেশনাবোৰ তলত দিয়া হ’ল:
অম্বুবাচী মহাযোগৰ দিনত পুৱা ৫ বজাৰ পৰা সন্ধ্যা ৬ বজালৈহে ভক্তসকলক নি'লাচল পাহাৰত প্ৰৱেশৰ অনুমতি দিয়া হ'ব। ভূমিস্খলনৰ আশঙ্কা আৰু অধিক ভিৰৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
কেৱল জৰুৰী সেৱা আৰু কৰ্তব্যৰত বিষয়াৰ বাহনসমূহকহে মন্দিৰলৈ যোৱাৰ অনুমতি দিয়া হ'ব। সাধাৰণ বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব।
বিশাল ভিৰ আৰু বেয়া বতৰৰ আশঙ্কাৰ বাবে বয়স্ক নাগৰিক আৰু শিশুসকলক এই সময়ছোৱাত মন্দিৰলৈ যোৱা পৰা পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
পাণ্ডু–কামাখ্যা পথত ভক্ত তথা ভি.আই.পি.সকলৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব; কেৱল জৰুৰীকালীন বাহনে এই পথ ব্যৱহাৰ কৰিব পাৰিব।
২২ জুনৰ পৰা ২৭ জুনলৈকে ভি.আই.পি. বা বিশেষ দৰ্শনৰ কোনো ব্যৱস্থা নাথাকিব। সকলো ভক্তে সমানে দৰ্শন কৰিব।
অম্বুবাচী পৰ্বৰ ধৰ্মীয় পবিত্ৰতা বজাই ৰাখিবলৈ লাউডস্পীকাৰ, সংগীত, আৰু শোভাযাত্ৰা সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে।
২৬ জুনৰ পৰা কামাখ্যা দৰ্শন পুনৰ আৰম্ভ হ’ব। ভক্তসকলে বংশী বাগান মাঠত সংগ্ৰহ হ’ব লাগিব, য’ৰ পৰা স্বেচ্ছাসেৱকসকলে শৃংখলাবদ্ধভাৱে মন্দিৰলৈ লৈ যাব।
কামাখ্যা পাহাৰৰ পাদদেশৰ পৰা ওপৰলৈ ভক্তসকলে খালি ভৰি চলিব লাগিব।
গুৱাহাটী আৰক্ষীয়ে শীঘ্ৰে পৃথক ট্ৰাফিক পৰিকল্পনা জাৰি কৰিব; তাত বাহনৰ দিশ নিৰ্দেশ, পাৰ্কিং, আৰু ডাইভাৰচনৰ তথ্য থাকিব।
১১২ নম্বৰ হেল্পলাইন জৰুৰীকালীন পৰিস্থিতিত সহায়ৰ বাবে উপলব্ধ থাকিব।
আৰক্ষীয়ে সকলোৰে পৰা সহযোগিতা আৰু সহনশীলতা কামনা কৰিছে যাতে অম্বুবাচী মহাযোগ ধৰ্মীয়, সুশৃংখল আৰু নিৰাপদভাৱে অনুষ্ঠিত হ’ব পাৰে।