মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ সৈতে সাক্ষাৎ কৰি কয় যে গেছ নিৰ্গমন নিয়ন্ত্ৰণত অহাৰ পিছতেই অধিক ক্ষতিপূৰণ প্ৰদান কৰা হ’ব। তেওঁ এই ঘটনাৰ প্ৰতিক্ৰিয়াত কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ ৰখা হৈছে বুলি উল্লেখ কৰে আৰু দিল্লীত পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰিৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চযোগে আলোচনা হ’ব বুলি কয়।
এই ঘটনাৰ তীব্ৰতা বিবেচনা কৰি কেন্দ্ৰীয় চৰকাৰে তৎপৰতাৰে প্ৰতিক্ৰিয়া জনাইছে। দিল্লীত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ে উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে। অ'এন'জী'চিয়ে গেছ নিৰ্গমন ৰোধ কৰিবলৈ আমেৰিকাৰ এজন বিশেষজ্ঞক সহায়ৰ বাবে আমন্ত্ৰণ জনাইছে। অসম চৰকাৰৰ মুখ্য সচিবেও কেন্দ্ৰীয় পেট্ৰ’লিয়াম সচিবৰ সৈতে যোগাযোগ ৰাখিছে।
ইপিনে, অঞ্চলিক সংগঠন বীৰ লাচিত সেনাই অ'এন'জী'চিৰ লগতে ইয়াৰ ব্যক্তিগত অপাৰেটৰ এস.কে. পেট্ৰ’ চাৰ্ভিচেছৰ বিৰুদ্ধে দায়বদ্ধতাৰ দাবী তুলিছে। সংগঠনৰ নেতা শৃঙ্খল চলিহাই দাবী কৰে যে এই অপাৰেটৰে ক্ষতিগ্রস্তসকলৰ বাবে সহায় আগবঢ়াব লাগিব।
অ'এন'জী'চিৰ এজন বিষয়াৰ মতে, কুঁৱা বিস্ফোৰণটো এক ‘পাৰ্ফোৰেছন’ প্ৰক্ৰিয়াৰ সময়ত ঘটিছিল, য'ত উৎপাদনৰ বাবে নতুন স্তৰত কাম চলোৱা হৈছিল। এই সময়তে গেছ একেবাৰে নিয়ন্ত্ৰণৰ বাহিৰলৈ ওলাই যায় আৰু বিস্ফোৰণ ঘটে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অ'এন'জী'চিৰ অভিজ্ঞ দল ঘটনাস্থলীত কাৰ্য কৰি আছে। অৱশ্যে, অসম দূষণ নিয়ন্ত্ৰণ বোৰ্ডে কয় যে বতমান পৰ্যন্ত বায়ু দূষণৰ পৰিমাণ নিয়ন্ত্ৰণত আছে। পৰিস্থিতিৰ ওপৰত নিয়মীয়া নজৰদাৰী চলি আছে।
চৰকাৰে কয় যে, যদি পৰিস্থিতি অধিক জটিল হয় বা অধিক সহায়ৰ প্ৰয়োজন হয়, তেন্তে আৰু সহায় প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে ঘটনাস্থল পুনৰ পৰিদৰ্শনৰো কথা ঘোষণা কৰে।