ডিজিটেল পেমেন্টছ এৱাৰ্ডছ ২০২৫-ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামনে ভাৰতৰ ফিনটেক সংস্থাসকলক দেশৰ কৃষি আৰু গ্ৰাম্য খণ্ডক কেৱল এখন সামাজিক দায়িত্ব হিচাপে নহয়, বৰং এখন সম্ভাৱনাপূৰ্ণ বজাৰ হিচাপে চাবলৈ আহ্বান জনায়। তেওঁ কৈছিল যে এই খণ্ডত নতুন বজাৰ গঢ়ি তুলিবলৈ উদ্ভাৱনৰ প্ৰয়োজন আছে, বিশেষকৈ কৃষকসকলক বজাৰৰ সৈতে সংযোগ কৰিবলৈ। এফ এম চি জি কোম্পানিসকলৰ দৃষ্টান্ত দি তেওঁ কৈছিল, “গ্ৰাম্য অঞ্চলত বৰ্তমান গ্ৰাহকৰ চাহিদা পুনৰুজ্জীৱিত হৈছে আৰু ইয়াত আমি অধিক অংশগ্ৰহণ নিশ্চিত কৰিব লাগিব।”
তেওঁ ক্ষুদ্ৰ, সৰু আৰু মজুলীয়া উদ্যোগ (এম এছ এম ই)-লৈ ঋণ আগবঢ়োৱা ক্ষেত্ৰত ফিনটেকৰ অধিক অংশগ্ৰহণৰ আহ্বান জনায়।
সীতাৰামনে উল্লেখ কৰে যে ভাৰতত ফিনটেক গ্ৰহণৰ হাৰ ৮৭% (বিশ্বৰ গড় ৬৭%) আৰু ২০১৪ৰ পৰা ₹৪৪ লাখ কোটি টকাৰ ডাইৰেক্ট বেনিফিট ট্রান্সফাৰ (ডিবিটি) হৈছে, যাৰ জৰিয়তে ₹৩.৪৮ লাখ কোটি টকাৰ অপচয় ৰোধ হৈছে। তেওঁ কয়, ভাৰতৰ ডিজিটেল উদ্ভাৱনক অনেক উন্নত ৰাষ্ট্ৰেও গম্ভীৰভাৱে লয় আৰু সকলোৰে বাবে এটি আদৰ্শ মডেল হিচাপে গ্ৰহণ কৰিছে।
ডিজিটেল পেমেন্টছ এৱাৰ্ডছ-ত পাঞ্জাব নেচনেল বেংক, বংক অৱ বৰোদা, ইউক’ বেংক, লগতে এইচডিএফচি, চিটি ইউনিয়ন বেংক, আইডিএফচি ফাৰ্ষ্ট আৰু ইকুইটাছ, ইণ্ডিয়া প'ষ্ট পেমেন্টছ বেংক আদি সংস্থাসকলে পুৰস্কাৰ লাভ কৰে। হোয়াটছএপ মেটা, নাভি, ম’বিকুইক-এ থার্ড-পাৰ্টি এপ ক্যাটেগৰিত জয়ী হয়; ফ’নপে, পেটিএম, গুগল পে-এ অফলাইন পেমেন্ট স্বীকৃতি বিভাগত পুৰস্কৃত হয়।
তেওঁ কয় যে ২০২৮-২৯ৰ ভিতৰত ভাৰতৰ ফিনটেক বজাৰ $৪০০ বিলিয়নলৈ বৃদ্ধি পাব, যাৰ ফলত বিশ্ববজাৰত ভাৰতীয় সংস্থাসকলে উদ্ভাৱনী সমাধান ৰপ্তানি কৰাৰ সুযোগ পাব।
তেওঁ ভাষাগত অন্তৰ্ভুক্তি, ভয়চ-ভিত্তিক সেৱা, একাউণ্ট এগ্ৰিগেটৰ আৰু ছাইবাৰ সুৰক্ষা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়ে। মাৰ্চ ২০২৫ লৈকে একাউণ্ট এগ্ৰিগেটৰ প্লাটফৰ্মত ৭০০ ৰ পৰা অধিক সংস্থা যুক্ত হৈছে, যি আগতে মাথোঁ ২৪ আছিল।
অন্তিমভাৱে, মন্ত্রীজনে কয় – "আমাৰ ফিনটেক উদ্ভাৱন বিশ্বৰ উন্নয়নশীল দেশসমূহৰ বাবে গ্ল'বল পাব্লিক গুড হিচাপে পৰিগণিত হ’ব পাৰে। আগলৈ বহুতো সুযোগ আছে আৰু আমাৰ ফিনটেক খণ্ডৰ সৰ্বশ্ৰেষ্ঠ অধ্যায়সমূহ এতিয়াও লিখা বাকি আছে।"