এই ব্যৱস্থাটোৰ খৰচ কম হোৱাৰ কাৰণ হ’ল ইয়াৰ শক্তি-দক্ষ ডিজাইন আৰু অতি কম ৰক্ষণাবেক্ষণৰ প্ৰয়োজন। ইয়াৰ আয়ুষ্কাল প্ৰায় ১৫ বছৰ ধৰা হৈছে আৰু ইলেকট্ৰ’ডবোৰ মাত্ৰ ৬ মাহ অন্তৰে পৰিৱৰ্তন কৰিবলগীয়া।
এই প্ৰযুক্তিৰ প্ৰথম ‘pilot installation’ অসমৰ চাংসৰীত সফলভাৱে সম্পন্ন হৈছে, যি ৰাজ্যিক জনস্বাস্থ্য অভিযান্ত্ৰণ বিভাগ আৰু কাকতি ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডৰ সহযোগত সম্পাদিত হয়।
ভৱিষ্যতে এই প্ৰযুক্তিক সৌৰ শক্তি বা বায়ু শক্তিৰ সৈতে সংহত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। অধ্যাপক পূর্কায়স্থে কয় যে Electrocoagulation চলাকালীন উৎপন্ন হাইড্ৰজেন গেছো ব্যৱহাৰ কৰিব পাৰি। লগতে, ‘real-time sensor’ আৰু ‘automated control system’ সংযোজনৰ পৰিকল্পনাও আছে যাতে সুৰক্ষিত পানীৰ বাবে দূৰ-অঞ্চলসমূহত এই ব্যৱস্থাটো অধিক সুবিধাজনক হয়।