তেওঁ যোগৰ বাবে দৃষ্টিহীনসকলে ব্রেইলত যোগ শাস্ত্ৰ অধ্যয়ন কৰা, মহাকাশত বিজ্ঞানীসকলে যোগ কৰা, গাঁওবাসী যুৱক-যুৱতীসকলে যোগ অলিম্পিয়াডত অংশ লোৱা আদি উদাহৰণ আগবঢ়াই কৈছিল যে যোগ কোনো সীমা, পটভূমি বা সামৰ্থ্যৰে সীমাবদ্ধ নহয় — ই সকলোৰ বাবে।
প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰি কৈছিল যে ২০১৪ চনত ভাৰতই ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ২১ জুনক আন্তৰ্জাতিক যোগ দিৱস হিচাপে স্বীকৃতি দিয়াৰ প্ৰস্তাৱ দিছিল আৰু অতি কম সময়ৰ ভিতৰত ১৭৫খন দেশ সেই প্ৰস্তাৱক সমৰ্থন জনাইছিল। মোদীয়ে এই ঐক্যক “আধুনিক বিশ্বত এটা ব্যতিক্ৰমী ঘটনা” বুলি আখ্যা দি কয়, “এই যোগ দিৱসটোৱে ‘যোগ ফর হিউমেনিটি ২.০’-ৰ আৰম্ভণি হওক, য’ত অন্তঃশান্তি বিশ্বনীতিৰ মুখ্য দিশ হয়।”
বিশাখাপত্তনমত অনুষ্ঠিত অনুষ্ঠানটো আছিল এক অভূতপূৰ্ব দৃষ্টান্ত। ২৬ কিলোমিটাৰ দীঘল পথত আয়োজন কৰা এই যোগ সেশ্যনত ৩ লাখতকৈ অধিক লোক একেলগে যোগাভ্যাসত অংশ গ্ৰহণ কৰে। ২০২৪ চনৰ থিম আছিল: “One Earth, One Health” — অৰ্থাৎ এক পৃথিৱী, এক স্বাস্থ্য, যি ব্যৱস্থাপনাই ব্যাক্তিগত, সামাজিক আৰু পৰিবেশগত সু-স্বাস্থ্যৰ সংযোগ বুজায়।
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন. চন্দ্ৰবাবু নাইডুৱে এই অনুষ্ঠানত ভাষণ দি মোদীয়ে যোগক কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বজুৰি স্বাস্থ্য আন্দোলনত পৰিণত কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁ কয়, এইবাৰ যোগ দিৱস ১৭৫খনৰো অধিক দেশত, ১২ লাখ স্থানত, ১০ কোটিৰো অধিক লোকৰ অংশগ্ৰহণত উদযাপন হৈছে।
নাইডুৱে লগতে বিশাখাপত্তনমত অনুষ্ঠিত বিশ্বৰ আটাইতকৈ ডাঙৰ যোগ অনুষ্ঠানটোৰ সফল আয়োজনৰ বাবে চৰকাৰী পৰিকল্পনাকো ধন্যবাদ জনায়। তেওঁ যোগৰ স্বাস্থ্য আৰু মানৱতাৰ ঐক্যৰ বাবে প্ৰয়োজনীয়তাক পুনৰ প্ৰতিপন্ন কৰে।