ব্ৰহ্মাণ্ডলৈ জুম কৰি চাওঁতে: স্কাল্পটৰ গ্যালাক্সীৰ আটাইতকৈ তীক্ষ্ণ ছবি উন্মোচিত



logo : | Updated On: 21-Jun-2025 @ 1:44 pm
SHARE 

বৈজ্ঞানিকসকলে এতিয়ালৈকে স্কাল্পটৰ গেইলেক্সীৰ আটাইতকৈ সুকীয়া আৰু ৰঙীন ছবি এখন গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। এই গেইলেক্সীখন পৃথিৱীৰ পৰা প্ৰায় ১.১ কোটি আলোক বছৰ দূৰত অৱস্থিত। এন জি চি ২৫৩ নামেৰে জনাজাত এই স্কাল্পটৰ গেইলেক্সীখনৰ আকৃতি, আকাৰ আৰু ভৰ সম্পূৰ্ণ ৰূপে মিল খায় আমাৰ মিল্কী ৱে গেইলেক্সীৰ সৈতে।

ইউৰোপীয়ান চাউদাৰ্ণ অৱজাৰ্ভেটৰীৰ (ESO) গৱেষক এনৰিকো কঙিউৰ নেতৃত্বত কৰা নতুন গবেষণাত কৈছে যে এই গেইলেক্সীখন ইমান ওচৰতে আছে যে ইয়াৰ ভিতৰুৱা গঠন অতি স্পষ্টভাৱে দেখা যায়, আৰু একে সময়তে ইমান ডাঙৰ যে একে গোটেই গেইলেক্সীখনো সম্পূৰ্ণ ৰূপে পৰ্যবেক্ষণ কৰিব পৰা যায়।

এই বিস্তৃত মানচিত্ৰ নিৰ্মাণ কৰিবলৈ ESO-ৰ ভেৰী লাৰ্জ টেলিছ্কোপত থকা মল্টি ইউনিট স্পেকট্ৰ’স্ক’পিক এক্সপ্ল’ৰাৰ (MUSE) ইন্সট্ৰুমেন্ট ব্যৱহাৰ কৰি ৫০ ঘণ্টাতকৈও অধিক সময় স্কাল্পটৰ গেইলেক্সীখন পৰ্যবেক্ষণ কৰা হয়। এই পৰ্যবেক্ষণৰ ১০০ৰো অধিক ছবিক একত্ৰ কৰি ৬৫,০০০ আলোক বছৰ বিস্তৃত অঞ্চল কভার কৰা হৈছে। সাধাৰণতে গেইলেক্সীৰ ছবিত খুব কম ৰং থাকে, কিন্তু এই নতুন ছবিখনত হাজাৰ হাজাৰ ৰঙৰ বৰ্ণনা পোৱা গৈছে, যি তাৰকা, গেছ আৰু ধূলিৰ বয়স, গঠন আৰু গতি সম্পৰ্কে তথ্য দিয়ে।

গৱেষকসকলে কৈছে, এই ছবিখন ইমান ডাঙৰ আৰু স্পষ্ট যে ই তৰাৰ উৎপত্তি হোৱা পৃথক পৃথক অঞ্চল প্ৰায় তৰাৰেই সমান স্কেলত অধ্যয়ন কৰিবলৈ সহায় কৰে। একে সময়তে গোটেই গেইলেক্সীখনো একেলগে পৰ্যবেক্ষণ কৰিব পৰা যায়।

এই ছবিৰ সহায়ত বিজ্ঞানীসকলে এতিয়ালৈকে ৫০০টাৰো অধিক নতুন প্লেনেটাৰী নেবুলা (planetary nebulae) চিহ্নিত কৰিছে। এইবোৰ হৈছে সেই গেছ আৰু ধূলিৰ শেল যি তৰা সমূহ মৃত্যুৰ পূৰ্বে নিঃসৰণ কৰে আৰু ৰেড জায়েন্ট হোৱাৰ দিশে আগবাঢ়ে। এই নেবুলাসমূহে গেইলেক্সীখনৰ দূৰত্ব নিৰ্ধাৰণ কৰাতো সহায় কৰে, যি গেইলেক্সীখনৰ অগ্ৰগতি অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ উপাদান।

আচলতে, ১৯৯৮ চনত হাবল টেলিছ্কোপেও এই গেইলেক্সীখন পৰ্যবেক্ষণ কৰিছিল, কিন্তু এইবাৰ যি ছবি তোলা হৈছে, সেইটো সৰ্বোচ্চ ৰঙীন আৰু বিৱৰণপূৰ্ণ। স্কাল্পটৰ গেইলেক্সীখনৰ মাজেৰে গেছ কেনেদৰে বৈ যোৱা দেখা যায় আৰু তাৰ গঠন কেনেদৰে পৰিৱৰ্তিত হৈ নতুন তৰা জন্ম হয়, সেয়া এতিয়া বিজ্ঞানীসকলে গৱেষণা কৰিব।

এই গেইলেক্সীখন এনেকুৱা উজ্জ্বল আৰু ডাঙৰ যে ইয়াক আকাশ পোহৰ ভাল অৱস্থাত দুবিনীৰে সহজে দেখা পোৱা যায়। এই নতুন ছবিখনে মহাকাশ গৱেষণাত এক নতুন দিশ উন্মোচন কৰিছে।




Read less Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys