প্ৰিয়া নায়ৰ হিন্দুস্তান ইউনিলিভাৰৰ নতুন এম.ডি. আৰু চি.ই.অ’ হিচাপে নিযুক্ত, ৰোহিত জাৱাক উত্তৰাধিকাৰী হিচাপে লৈ



logo : | Updated On: 11-Jul-2025 @ 4:21 pm
SHARE 

গ্ল’বেল এফএমচি‌জি জায়েন্ট ইউনিলিভাৰৰ ভাৰতীয় শাখা হিন্দুস্থান ইউনিলিভাৰ লিমিটেড (HUL)-এ প্ৰিয়া নায়াৰনতুন মেনেজিং ডাইৰেক্টৰ (MD) আৰু চীফ এক্সিকিউটিভ অফিচাৰ (CEO) হিচাপে নিযুক্তি দিছে। এই পদত তেওঁ আগষ্ট ১, ২০২৫ তাৰিখে দায়িত্ব গ্ৰহণ কৰিব আৰু ৫ বছৰৰ বাবে নিযুক্ত থাকিব। তেওঁ HUL-ৰ প্ৰথম মহিলা CEO হ’ব।

তেওঁ এতিয়া ইউনিলিভাৰৰ বিউটি অ্যান্ড ৱেল-বিয়িং বিভাগৰ গ্ল’বেল প্রেসিডেণ্ট হিচাপে কৰ্মৰত আছে। প্ৰিয়া নায়াৰ ১৯৯৫ চনত HUL-ত যোগ দিছিল আৰু হোম কেয়াৰ, বিউটি & পাৰচনেল কেয়াৰ খণ্ডত বহু গুৰুত্বপূর্ণ পদত কৰ্ম কৰিছিল। ২০১৪-২০২০ সময়চোৱাত তেওঁ এক্সিকিউটিভ ডাইৰেক্টৰ, হোম কেয়াৰ, আৰু তাৰ পাছত ২০২০-২০২২ চনৰ ভিতৰত বিউটি & পাৰচনেল কেয়াৰৰ এক্সিকিউটিভ ডাইৰেক্টৰ আছিল। তাৰ পিছত তেওঁ ইউনিলিভাৰৰ গ্ল’বেল চিফ মাৰ্কেটিং অফিচাৰ হিচাপেও কৰ্ম কৰিছিল। ২০২৩ চনৰ পৰা, ইউনিলিভাৰৰ অন্যতম সৰ্বাধিক বিকাশমান খণ্ডৰ প্ৰেছিডেন্ট হিচাপে সফলভাৱে দায়িত্ব পালন কৰি আছে।

তেওঁ মুম্বাইৰ Sydenham College-ৰ পৰা কমাৰ্চত স্নাতক আৰু Symbiosis Institute of Business Management, Pune-ৰ পৰা MBA লাভ কৰিছে, লগতে Harvard Business School-ত Executive Education সম্পূৰ্ণ কৰিছে।

বৰ্তমান CEO ৰোহিত জাৱা জুলাই ৩১, ২০২৫ তাৰিখে পদত্যাগ কৰিব। তেওঁৰ নেতৃত্বত HUL-এ ASPIRE ষ্ট্ৰাটেজিৰ দ্বাৰা শক্তিশালী উন্নতি সাধন কৰিছে। তেওঁ আগতে চীন, ফিলিপাইনছ, আৰু উত্তৰ এছিয়াৰ দৰে অঞ্চলত নেতৃত্বৰ দায়িত্ব পালন কৰিছিল।

HUL-এ ২০২৫ অৰ্থ-বছৰত ₹৬১,৪৬৯ কোটি টকাৰ টাৰ্ণঅ’ভাৰ আৰু ₹১০,৬৪৪ কোটি টকাৰ নিট লাভ ঘোষণা কৰিছে। কোম্পানীটোৰ মাৰ্কেট কেপিটালাইজেচন ₹৫.৬৬ লাখ কোটি

HUL-ৰ চেয়াৰমেন নিতিন পৰাঞ্জপে প্ৰিয়া নায়াৰৰ অভিজ্ঞতা আৰু ভাৰতীয় বজাৰৰ গভীৰ জ্ঞানৰ প্ৰশংসা কৰি কয় যে, “তেওঁ কোম্পানীখনক নতুন উচ্চতালৈ লৈ যাব।” এই নিযুক্তিৰে HUL-এ এটা ইতিহাস গঢ়িছে আৰু ভাৰতত মহিলা নেতৃত্বক উৎসাহিত কৰিছে।




Read less Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys