২০২৫ চনৰ এপ্ৰিল-জুন মাহৰ প্ৰথম প্ৰান্তিকত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (GTAC)-এ উল্লেখযোগ্য সাফল্য লাভ কৰিছে। এই সময়চোৱাত মুঠ ৩২.২১ নিযুত কিলোগ্ৰাম চাহ বিক্ৰী হোৱা দেখা গৈছে, যি ২০২৪ চনৰ একে সময়ত বিক্ৰী হোৱা ২৫.৩৭ নিযুত কিলোগ্ৰামতকৈ ২৭% বেছি।
গুৱাহাটী চাহ নিলাম ক্রেতা সংঘৰ সম্পাদক দিনেশ বিহানীয়ে ANI-ত কৈছে যে CTC (Crush, Tear, Curl) চাহই সবাতোকৈ বেছি বিক্ৰী হোৱা শাখা আছিল। ২০২৪ চনত ১৬.১৭ নিযুত কেজিৰ পৰা এইবাৰ ই ২০.৪৬ নিযুত কেজিলৈ বৃদ্ধি পাইছে। যদিও বিক্ৰী বৃদ্ধিপোৱা দেখা গৈছে, এই শাখাৰ গড় মূল্যত ₹১৪.৬৮ৰ হ্ৰাস পৰিলক্ষিত হৈছে।
ডাষ্ট চাহৰ বিক্ৰী ৮.২৫ নিযুত কেজিৰ পৰা ৯.৮২ নিযুত কেজিলৈ বৃদ্ধি পাইছে, আৰু গড় মূল্য ₹২২৫.৩০ৰ পৰা বৃদ্ধি পাই ₹২৪০.২০ হৈছে। ইয়ে দেখুৱাইছে যে ডাষ্ট চাহৰ চাহিদা আগৰ তুলনাত অধিক বৃদ্ধি পাইছে।
অৰ্থডক্স চাহই আটাইতকৈ উল্লেখযোগ্য বৃদ্ধিৰ পৰিচয় দিছে। ২০২৪ চনত বিক্ৰী হোৱা ০.৯৪ নিযুত কেজিৰ পৰিৱৰ্তে এইবাৰ ১.৯২ নিযুত কেজি বিক্ৰী হৈছে। লগতে গড় মূল্যতো ₹১৬.১৪ বৃদ্ধি পাই ₹২৭৯.৬৩ হৈছে।
দিনেশ বিহানীয়ে লগতে উল্লেখ কৰে যে এই বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় ৰপ্তানী ক্রেতাসকলৰ সক্ৰিয় অংশগ্ৰহণ। তেওঁ কয়, “CTC পাতৰ ২২% আৰু ডাষ্ট চাহৰ ৩০% ₹৩০০তকৈ অধিক দামত বিক্ৰী হৈছে; ৩৮% CTC পাত আৰু ২৯% ডাষ্ট ₹২০০–₹২৯৯ ৰ মাজত; আৰু ৪০% ₹১০০–₹১৯৯ দামৰ সীমাত বিক্ৰী হৈছে।”
এইধৰণৰ দামৰ শ্রেণীবিভাজনে চাহ বজাৰত গুণগত মান সম্পন্ন চাহৰ ওপৰত দ্ৰুত বাঢ়ি অহা চাহিদাৰ পৰিচয় দিয়ে। GTACয়ে ভাৰতৰ চাহ ব্যৱসায়িক পৰিকাঠামোত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আছে। উৎপাদক, বিক্ৰেতা, আৰু ব্যৱসায়ীৰ বাবে এটা স্বচ্ছ আৰু কাৰ্যকৰী নিলাম মঞ্চ ৰূপে কাম কৰি আছে।
ফচলৰ ধাৰাবাহিকতা আৰু ক্রেতাৰ আগ্ৰহ ৰক্ষিত থাকিলে, আগন্তুক মাহসমূহত GTACয়ে অধিক পৰিমাণৰ চাহ ব্যৱস্থাপনা কৰিব বুলি আশা প্ৰকাশ কৰিছে। এই সফলতাৰ পটভূমিত, গুৱাহাটী চাহ নিলাম কেন্দ্ৰে জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিজৰ ভূমিকা অধিক শক্তিশালী কৰি তুলিব বুলি ধাৰণা কৰা হৈছে।