ইজ্ৰাইল আৰু ভাৰতে দ্বিপাক্ষিক বিনিয়োগ চুক্তিত স্বাক্ষৰ কৰিলে



logo : | Updated On: 09-Sep-2025 @ 12:59 pm
SHARE 

ইজ্ৰাইলৰ অৰ্থ মন্ত্ৰী বেজালে’ল স্মোট্ৰিচ আৰু ভাৰতৰ অৰ্থ মন্ত্ৰী নিৰ্মলা সীতাৰামনে নতুন দিল্লীত দ্বিপাক্ষিক বিনিয়োগ চুক্তি (BIA) স্বাক্ষৰ কৰিলে। ভাৰতৰ নতুন বিনিয়োগ চুক্তি মডেলৰ অধীনত ইজ্ৰাইল হৈছে প্ৰথম OECD সদস্য ৰাষ্ট্ৰ যিয়ে এই ধৰণৰ চুক্তিত স্বাক্ষৰ কৰিলে। ২০১৭ চনত বাতিল কৰা ১৯৯৬ চুক্তিৰ স্থলত অহা এই নতুন চুক্তিয়ে পৰস্পৰ বিনিয়োগ বৃদ্ধি, বিনিয়োগকাৰীৰ সুৰক্ষা আৰু বাণিজ্য ব্ৰিধি কৰাক লক্ষ্য কৰিছে। দুয়ো দেশেই গভীৰ আৰ্থিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি উদ্ভাৱন, পৰিকাঠামো, ডিজিটেল বাণিজ্য আৰু আঞ্চলিক উন্নয়ন বেংকৰ ক্ষেত্ৰত একেলগে কাম কৰিবলৈ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে। গাজা আৰু পশ্চিম তট সম্পৰ্কীয় বিতৰ্কিত মন্তব্যৰ বাবে জনাজাত অতি-দক্ষিণপন্থী নেতা স্মোট্ৰিচে উচ্চ-স্তৰৰ প্ৰতিৰ্ক দলৰ নেতৃত্ব দিয়ে আৰু সীতাৰামানক ইজ্ৰাইলত প্ৰতিদানমূলক সফৰৰ বাবে আমন্ত্ৰণ জনায়।




Read more Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys