আয়কৰ ৰিটার্ন (ITR) দাখিল কৰাৰ শেষ তাৰিখ আজি, অৰ্থবছৰ ২০২৪-২৫ (মূল্যায়ন বৰ্ষ ২০২৫-২৬)ৰ বাবে বিনা দণ্ডত। প্ৰথমতে যিসকল কৰদাতাক একাউন্ট অডিট কৰাব নালাগে (বাক্তি, হিন্দু বিভক্ত নহোৱা পৰিয়াল আৰু সংস্থা) তেওঁলোকৰ বাবে তাৰিখ আছিল ২০২৫ জুলাই ৩১। কিন্তু মে’ মাহত আয়কৰ বিভাগে এই সময়সীমা বঢ়াই ২০২৫ ছেপ্টেম্বৰ ১৫লৈ নিয়ে। ইয়াত কেৱল অডিটৰ প্ৰয়োজন নথকা কৰদাতাই সুবিধা পাব। আজিৰ পিছত ITR দাখিলত বিলম্ব হ’লে দণ্ড বহন কৰিব লগা হ’ব, সেয়েহে যোগ্য কৰদাতাসকলে আজিৰ ভিতৰতে ৰিটার্ন দাখিল কৰাটো অত্যন্ত প্ৰয়োজনীয়।