ৰাষ্ট্ৰীয় দৈনিকত ভাৰতৰ মানচিত্ৰৰ পৰা ৰাজ্যখনক বাদ দিয়াৰ অভিযোগত চিক্কিম বিজেপিৰ ক্ষমা প্ৰাৰ্থনাৰ দাবী



logo : | Updated On: 14-May-2025 @ 3:49 pm
SHARE 

মে ১৩ তাৰিখে প্ৰকাশিত এটি ৰাষ্ট্ৰীয় ইংৰাজী দৈনিকত ভাৰতৰ মানচিত্ৰৰ পৰা ছিক্কিমক বাদ দিয়াৰ ঘটনাত ছিক্কিম BJPয়ে তীব্ৰ নিন্দা প্ৰকাশ কৰিছে। এই ভুলটো ছিক্কিমে মে ১৬ তাৰিখে নিজৰ ৫০তম ৰাজ্যিক দিৱস উদযাপন কৰাৰ ঠিক আগতে ঘটিল।

BJPৰ মতে, এইটো “এক গভীৰ ভুল” আৰু “ভাৰতৰ স্বাৰ্ভভৌমত্ব আৰু ভূ-অখণ্ডতাৰ ওপৰত এক স্পষ্ট আঘাত”। দলটোৱে উল্লেখ কৰিছে যে ছিক্কিমৰ সংবিধানিক স্থান অনুচ্ছেদ ৩৭১Fৰ অধীনত সুৰক্ষিত।

BJP ছিক্কিমে সংবাদপত্ৰখনৰ সম্পাদকীয় সমিতিৰ পৰা তৎক্ষণাত জনসাধাৰণৰ সন্মুখত ক্ষমা প্ৰাৰ্থনা আৰু সম্পূৰ্ণ সংশোধনৰ দাবী জনাইছে। লগতে, তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ক বিষয়টোত তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰো আহ্বান জনাইছে।

BJP ছিক্কিমে কৈছে, “ছিক্কিমৰ জনতাই নিজকে অদৃশ্য বা অপমানিত হিচাপে মানি লব নোৱাৰে” আৰু ৰাজ্যৰ গৰিমা আৰু ভাৰতৰ অংশ হিচাপে স্থান ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছে।

এই ভুলটো বিশেষকৈ সংবেদনশীল সময়ত ঘটিছে, কাৰণ ছিক্কিম ১৯৭৫ চনত ভাৰতৰ ২২তম ৰাজ্য হিচাপে অন্তৰ্ভুক্ত হোৱাৰ সোণালী জয়ন্তী উদযাপন কৰিবলৈ সাজু হৈছে।




Read more Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys