অসমৰ শিক্ষামন্ত্ৰী ড° ৰণজ পেগুৱে স্পষ্টকৈ জনাইছে যে চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত নিখৰ্চা ভৰ্তিৰ ক্ষেত্ৰত ৰেচন কাৰ্ডক আয়ৰ বৈধ প্ৰমাণপত্ৰ হিচাপে গ্ৰহণ কৰা হ’ব।
এটা ছচিয়েল মিডিয়া পোস্টত ড° পেগুৱে কৈছে, “ৰেচন কাৰ্ডক আয়ৰ বৈধ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হ’ব। বিকল্পস্বৰূপে, উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান কৰা আয় প্ৰমাণপত্ৰো গ্ৰহণযোগ্য হ’ব।”
এই স্পষ্টীকৰণে চৰকাৰী নিখৰ্চা ভৰ্তি আঁচনিৰ অধীনত ভৰ্তিৰ বাবে প্রস্তুত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ বাবে এক শান্তিৰ খবৰ কঢ়িয়াই আনিছে। ২০২৪ চনৰ আগতে যিসকল ছাত্ৰৰ অভিভাৱকৰ বাৰ্ষিক আয় ₹২ লাখৰ ভিতৰত আছিল, তেওঁলোকৰ বাবে নিখৰ্চা ভৰ্তি সুবিধা আছিল। এইবাৰ এই সীমা বৃদ্ধি কৰি ₹৪ লাখ কৰা হৈছে বুলি পেগুৱে X ত প্ৰকাশ কৰে।
শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, “ৰাজ্য চৰকাৰে মহাবিদ্যালয়ৰ পৰা কোনো ভৰ্তি মাচুল আদায় নকৰে; তাৰ বিপৰীতে BPL ছাত্ৰ-ছাত্ৰীৰ বাবে নিখৰ্চা ভৰ্তি আঁচনি উপলব্ধ। এতিয়ালৈকে ১,৬৬,১২৩ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১,১৮,১৯৯ জনে (৭১%) নিখৰ্চা ভৰ্তিৰ সুবিধা লাভ কৰিছে।” ভৰ্তি মাচুল মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে স্থিৰ কৰে, যদিও তাৰ ওপৰিসীমা ৰাজ্যিক মাচুল নিয়ন্ত্ৰণ সমিতিয়ে নিৰ্ধাৰণ কৰে।