২০ মে তাৰিখে অসম চৰকাৰ আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ (GMDA)-এ গুৱাহাটী চাচলস্থিত ওমেও কুমাৰ দাস সামাজিক পৰিবৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠানত উচ্ছেদ অভিযান চলায়, যাৰ উদ্দেশ্য আছিল চিলছাকো বিলৰ ওচৰৰ অবৈধ দখল হটাই গুৱাহাটী মহানগৰক বানপানিমুক্ত কৰা। গৃহ আৰু নগৰীয় পৰিকাঠামো মন্ত্ৰী জয়ন্ত মালাবৰুৱাৰ নেতৃত্বত চলা এই অভিযানত মেঘালয়ৰ পৰা দ্ৰুত পানী বৈ অহাৰ ফলত সৃষ্টি হোৱা বানৰ সমস্যা হ্ৰাস কৰাৰ লক্ষ্য ৰখা হয়। উচ্ছেদৰ জৰিয়তে চিলছাকো বিলৰ পানী সঞ্চয়ক্ষমতা বৃদ্ধি কৰি উক্ত স্থানখনক পানী সংৰক্ষণ টেংকত পৰিণত কৰি পানী ব্ৰহ্মপুত্রলৈ ঘূৰাই দিয়া হ’ব। কতৃপক্ষই কয় যে প্ৰতিষ্ঠানখনে সহযোগিতা আগবঢ়াইছে আৰু তেওঁলোকক বিকল্প জমি দিয়া হৈছে। অহা ৩০ মে’ত আৰু এক বৃহৎ উচ্ছেদ অভিযান চলিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৈজ্ঞানিকভাৱে কাম আগবঢ়ি আছে আৰু দু-তিন বছৰৰ ভিতৰত গুৱাহাটী মহানগৰক বানপানিমুক্ত কৰা হ’ব বুলি মন্ত্ৰীজনে উল্লেখ কৰে।