মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কানাডাক তেওঁৰ প্ৰস্তাৱিত গোল্ডেন ডোম মিছাইল প্ৰতিরক্ষা ব্যৱস্থাত যোগদান কৰিবলৈ ৬১ বিলিয়ন ডলাৰ দিবলৈ দাবী কৰিছে, নতুবা কানাডাই ৫১তম আমেৰিকান ৰাজ্য হোৱাৰ সংকটত পৰিব। ট্ৰাম্পে কয়, যদি কানাডাই আমেৰিকাৰ ৰাজ্য হয়, তেন্তে এই ব্যৱস্থাৰ বাবে কোনো ধন দিব নালাগিব। ইজৰাইলৰ আয়ৰন ডোমৰ আদাৰত নিৰ্মিত এই ব্যৱস্থাটোৰ খৰচ ১৭৫ বিলিয়ন ডলাৰ আৰু ২০২৯ চনৰ ভিতৰতে সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে, যদিও বিশেষজ্ঞসকলে এই সময়সীমা আৰু বাজেট সন্দেহ কৰিছে। এই পৰিকল্পনাক চীন, উত্তৰ কোৰিয়া আৰু ৰাছিয়াই সমালোচনা কৰিছে, যিসকলে কয় যে এই পদক্ষেপে মহাকাশৰ সামৰিকীকৰণ আৰু বিশ্ব সুৰক্ষাৰ অস্থিৰতা সৃষ্টি কৰিব। আনহাতে, কানাডাই আমেৰিকাৰ অস্ত্ৰৰ ওপৰত নিৰ্ভৰতা হ্ৰাস কৰিবলৈ বিকল্প বিচাৰি আছে।