৫ জুন, বিশ্ব পৰিবেশ দিৱসত বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত পৰিৱেশ সচেতনতা বৃদ্ধিৰ বাবে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হয়। জিলাৰ মুখ্য কাৰ্যালয়ৰ পাঁচ আলি চকত আয়োজিত নাটক "নদীৰ অসুখ" স্থানীয় শিল্পীৰ দ্বাৰা অভিনীত হয়। এই নাটকে নদীত প্লাষ্টিক দূষণৰ বিপদক গাথা, পৰম্পৰাগত গান আৰু নৃত্যৰ মাধ্যমেৰে বৰ্ণনা কৰে। উপায়ুক্ত (অ.চা.) দিগন্ত বৈশ্য, চাবিলাল দাস, মৌসুমী চেতিয়া আদি চৰকাৰী বিষয়া আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উপায়ুক্ত গৰাকীয়ে প্লাষ্টিক দূষণৰ বিৰুদ্ধে চলি থকা চৰকাৰী পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে, আৰু সচেতনতা নাটকৰ দ্বাৰা সকলো লোকক পৰিৱেশ ৰক্ষাত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। চেয়াৰমেন চাবিলাল দাসে বছৰৰ সকলো দিনেই পৰিৱেশ বান্ধৱ অভ্যাস অবলম্বনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
জিলা প্ৰশাসনে আশোক পাৰ্কত গছ ৰোপণ কৰে আৰু নাগৰিকসকলক গছৰ চারা বিতৰণ কৰে। একে ধৰণৰ কাৰ্যসূচী বৰপেটাৰ সকলো বিধানসভা সমষ্টিতো উদযাপন কৰা হয়।