চীনৰ ৰাষ্ট্ৰদূত শু ফেইহঙে ভাৰত-চীন সম্পৰ্কৰ ভৱিষ্যৎ লৈ আশাবাদ প্ৰকাশ কৰি দুয়োখন ৰাষ্ট্ৰৰ যুগযুগীয়া সভ্যতা-সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কলকাতাত এখন চীনা ভাষাত দক্ষ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক সংবর্ধনা জনোৱাৰ অনুষ্ঠানত তেওঁ কয় যে দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্ক বহু দিনীয়া আৰু প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য উদ্ধৃতি দি কয় যে, এই সহস্ৰাব্দীয়া সম্পৰ্কৰ তুলনাত মতভেদৰ সময় অতি সৰু।
তেওঁ যুৱপ্ৰজন্মক এই সম্পৰ্ক শক্তিশালী কৰাৰ মুখ্য শক্তি বুলি আখ্যা দিয়ে আৰু সীমান্ত সমস্যা সমাধানৰ বাবে চৰকাৰৰ লগতে চিন্তাশীল মহল, ছাত্ৰ, আৰু বিশ্ববিদ্যালয়সমূহেও একেলগে কাম কৰা উচিত বুলি মত প্ৰকাশ কৰে। শু ফেইহঙে প্ৰধানমন্ত্ৰী মোদী আৰু চীনা ৰাষ্ট্ৰপতি শি চিনফিংৰ মাজত হোৱা সদ্ভাৱনাপূৰ্ণ সম্পৰ্ক স্থাপন সম্পৰ্কীয় “অতি গুৰুত্বপূর্ণ ঐক্যমত্য”-ৰ কথা উল্লেখ কৰে আৰু চিগৈ বিমানেৰে যাতায়ত পুনৰ আৰম্ভ হোৱাৰ লগতে ২০২৫ চনত দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰপূৰ্তি উপলক্ষে ভাৰতীয় যুৱ প্ৰতিনিধি দল চীনৰ বহুতো চহৰ ভ্ৰমণ কৰাৰ আশাবাদ ব্যক্ত কৰে।