এয়া এখন লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া ফ্লাইট আছিল, যি আহমেদাবাদ বিমানবন্দৰৰ ওচৰৰ মেঘাণি অঞ্চলত উৰণৰ কিছু সময়ৰ পিছতেই দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত ২৪২ জন যাত্ৰী আছিল। ঘটনাস্থলীৰ পৰা ওলাই অহা ঘন ধোঁৱা আৰু ভিডিঅ’ই সামাজিক মাধ্যমত আতংক সৃষ্টি কৰে, বিশেষকৈ বিমানখন জনবহুল অঞ্চলত down হোৱাৰ বাবে। স্থানীয় ৰাইজে প্ৰথমে উদ্ধাৰ কাৰ্যত সহায় কৰে, তাৰ পিছত আৰক্ষী আৰু ৰক্ষা বাহিনী উপস্থিত হয়। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পটেল ঘটনাস্থলীত উপস্থিত হয় আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে পৰিস্থিতি সন্দর্ভত আলোচনা কৰে। কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। দমকল, NDRF আৰু আৰক্ষীৰ সৈতে উদ্ধাৰ অভিযান চলি আছে। হতাহত সংখ্যা এতিয়াও নিশ্চিত কৰা হোৱা নাই, কাৰণ বিষয়াসকলে পৰিস্থিতি মূল্যাংকন কৰি আছে।