শিক্ষা মন্ত্ৰী ড° ৰণজ পেগুৱে সমগ্ৰ শিক্ষা অসমৰ অধীনত নিযুক্ত ১৩ জন মৃত চুক্তিভিত্তিক শিক্ষক আৰু শিক্ষাকর্মীৰ পৰিয়ালক চুক্তিগত বিধান অনুসৰি প্রত্যেকক ₹৫ লাখ কৰি বিতৰণ কৰে। তেওঁ কয় যে, এই শিক্ষাক কর্মজীৱনৰ ৬০ বছৰলৈ চাকৰিৰ আশ্বাস দিয়া হৈছিল আৰু পেঞ্চনৰ ব্যৱস্থা নাথাকিলেও, সেৱাৰ সময়ত মৃত্যু হ’লে পৰিয়ালক আৰ্থিক সহায়ৰ প্রতিশ্রুতি চুক্তিত স্পষ্টকৈ দিয়া আছিল। অৰু ৯৩ টা পৰিয়ালৰ প্ৰমাণপত্ৰ অহাৰ অপেক্ষাত আছে বুলি তেওঁ কয়। ড° পেগুৱে অসমৰ অৱৈধভাৱে চলি থকা বিদ্যালয়সমূহক কঠোৰ সাবধানবাণী দি কয় যে, বৈধ পঞ্জীয়ন আৰু আভ্যন্তৰীণ পৰিকাঠামো নথকা শিক্ষানুষ্ঠান চলিব নোৱাৰিব। তেওঁ চাওঁছে যে ছাত্ৰ-ছাত্ৰীক এনে বিদ্যালয়ত ভৰ্তি কৰোৱা নহবলৈ জিলা প্ৰশাসন, চেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদক নিৰ্দেশনা দিয়া হৈছে। আহিবলগীয়া নতুন শৈক্ষিক বৰ্ষৰ বাবে তেওঁ এজন শিক্ষাবিদ আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষসকলৰ সমন্বয়ে গঠিত এটা সমিতি গঠন কৰি, একাডেমিক কেলেণ্ডাৰত সম্ভাৱ্য পৰিবৰ্তনৰ বিষয়ে পৰামৰ্শ লোৱাৰ কথাও ঘোষণা কৰে।