মেটাই শিৱনাথ ঠুক্ৰালৰ পদত্যাগৰ পাছত অৰুণ শ্ৰীনিবাসক ভাৰতৰ মেনেজিং ডাইৰেক্টৰ আৰু ভাৰত মুৰব্বী হিচাপে নিযুক্ত কৰিছে। তেওঁ ১ জুলাই, ২০২৫ তাৰিখে দায়িত্ব গ্ৰহণ কৰিব আৰু বৰ্তমানে ভাৰত আৰু দক্ষিণ-পূৱ এছিয়াত মেটাৰ নেতৃত্ব দিয়া সন্দ্যা দেবনাথনলৈ ৰিপোৰ্ট কৰিব। বৰ্তমানে অৰুণ শ্ৰীনিবাসে ভাৰতত মেটাৰ বিজ্ঞাপন ব্যৱসায়ৰ নেতৃত্ব দিছে আৰু তেওঁ হিন্দুস্থান ইউনিলিভাৰ, ৰিব’ক, অলাৰ লগতে ৱেষ্টব্ৰিজ কেপিটেলত প্ৰায় ৩০ বছৰৰ অভিজ্ঞতা আহৰণ কৰিছে। আইআইএম কলকাতাৰ স্নাতক শ্ৰীনিবাসে ভাৰতত মেটাৰ দীঘলীয়া বৃদ্ধি সুনিশ্চিত কৰাৰ লগতে ব্যৱসায়, উদ্ভাৱন আৰু আয়ৰ কৌশলত কেন্দ্ৰিত হ’ব। ২০২০ চনত মেটাত যোগদান কৰাৰ পৰা তেওঁ অংশীদাৰিত্ব আৰু বিজ্ঞাপন আয় বৃদ্ধিত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে।