গুৱাহাটী ছাত্ৰজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইয়ুথ এম্বাসেডৰ হিচাপে নিৰ্বাচিত



logo : | Updated On: 21-Jun-2025 @ 2:59 pm
SHARE 

গুৱাহাটীস্থিত চেন্ট ফ্ৰান্সিছ ডি ছেলছ স্কুলৰ ছাত্ৰী আদি সিংহাক যুক্তৰাষ্ট্ৰৰ শিক্ষা আৰু সাংস্কৃতিক বিষয়ক বুৰো দ্বাৰা পৃষ্ঠপোষকতা প্ৰাপ্ত, সম্পূৰ্ণ ভাৱে পুঁজিত "কেনেডি-লুগাৰ ইয়ুথ এক্সচেঞ্জ এণ্ড ষ্টাডি (KL-YES)" কাৰ্যসূচীৰ অধীনত ভাৰতৰ ‘ইয়ুথ এম্বাসেডৰ’ হিচাপে নিৰ্বাচিত কৰা হৈছে। এই কাৰ্যসূচীই ভাৰতীয় বিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলক এজন আমেৰিকান হোষ্ট পৰিয়ালৰ সৈতে বাস কৰাৰ লগতে, যুক্তৰাষ্ট্ৰৰ বিদ্যালয়ত অধ্যয়ন আৰু সাংস্কৃতিক কূটনৈতিকত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়ে। এই বছৰ অসমৰ পৰা নিৰ্বাচিত দুজন শিক্ষাৰ্থীৰ ভিতৰত আদি এজনী। তেওঁলৈ বিদ্যালয়ে এখন সংবাদ মেলৰ আয়োজন কৰিছিল, য’ত আদিও নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰে আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষেও তেওঁৰ এই সফলতাক প্ৰশংসা কৰে। সংবাদ মেলটো সংবাদ মাধ্যমলৈ ধন্যবাদ জ্ঞাপনৰ সৈতে সামৰণি পায়।




Read more Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys