ইন্টেলে নতুন ছাঁটাই প্ৰচেষ্টাৰ অংশস্বৰূপে নিজৰ অ’ট’ম’টিভ বিভাগ বন্ধ কৰি অধিকাংশ কৰ্মচাৰীক ছাঁটাই কৰিব



logo : | Updated On: 26-Jun-2025 @ 2:15 pm
SHARE 

ইণ্টেলৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া লিপ-বু টানৰ নেতৃত্বত কোম্পানীখন ১৫ জুলাইৰ পৰা কেলিফোৰ্নিয়াৰ ছেন্টা ক্লাৰা মূখ্যালয়ত কৰ্মৰত ১০৭ গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বাদ দিছে আৰু মিউনিকস্থিত ইয়াৰ অট’ম’টিভ চিপ বিভাগটো বন্ধ কৰি দিছে। এই বিভাগৰ অধিকাংশ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব। এই পদক্ষেপবোৰ ইণ্টেলৰ গ্লোবেল কৰ্মী বাহিনীৰ ২০% লৈকে হ্ৰাস কৰাৰ বৃহৎ পৰিকল্পনাৰ অংশ, যাৰ উদ্দেশ্য হৈছে কোম্পানীটোক অধিক কার্যক্ষম আৰু সুনিৰ্দিষ্ট কৰাৰ। ইঞ্জিনিয়াৰিং আৰু নেতৃত্বৰ গুৰুত্বপূর্ণ পদসমূহ বাতিল কৰা হৈছে আৰু কিছু বিপণন কাম কাজ আউটচ'ৰ্ছ কৰি এক্সেঞ্চাৰক দিয়া হৈছে, যি AI টুল ব্যৱহাৰ কৰি গ্ৰাহক সম্পৰ্কীয় কাৰ্য্যসমূহ চলাব। এই লে-অফবোৰ ২০২৪ চনৰ ১৫,০০০ চাকৰি হেৰুৱোৱাৰ পাছত আহিছে। ইণ্টেলৰ এই হ্ৰাস প্ৰচেষ্টা ২০২৫ চনত টেক ইণ্ডাষ্ট্ৰিত হোৱা ৬২,০০০ৰো অধিক লে-অফৰ এক বৃহৎ প্ৰবণতাৰ প্ৰতিফলন।




Read more Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys