৩২,০০০ মিয়ানমাৰ উদ্বাস্তুৰ বায়োমেট্ৰিক তথ্য সংগ্ৰহ আৰম্ভ কৰিব মিজোৰামে



logo : | Updated On: 04-Jul-2025 @ 3:08 pm
SHARE 

মিজোৰামে এতিয়া ৰাজ্যখনৰ ১১টা জিলাত আশ্ৰয় লৈ থকা ৩২,০০০ৰো অধিক মায়ানমাৰৰ উদ্বাস্তুৰ জৈৱ-সাংখ্যিক (biometric আৰু demographic) তথ্য সংগ্ৰহৰ বাবে প্ৰস্তুতি লৈ আছে। ৰাজ্যিক বিষয়া সকলে স্পষ্ট কৰিছে যে এই প্ৰক্ৰিয়াটোৰ উদ্দেশ্য কেৱল উদ্বাস্তুসকলক চিনাক্ত কৰা, নহয় তেওঁলোকক পঠিয়াই দিয়াৰ বাবে। জিলা প্ৰশাসনসমূহে ইতিমধ্যে কৰ্মচাৰীসকলক প্ৰশিক্ষণ দি enrollment ৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি স্থাপন কৰাৰ কাম আৰম্ভ কৰিছে। কেৱল আইজল জিলাতেই প্ৰায় ৩,০০০ জন উদ্বাস্তুৱে আশ্ৰয় লৈছে, যদিও সীমান্ত পাৰ হৈ অহা-যোৱা কৰাৰ বাবে সঠিক সংখ্যা সদায় পৰিবৰ্তন হৈ থাকে। মিজোৰামে বৰ্তমানে ২,৩৭১ জন চিটাগং হিলট্ৰেকৰ পৰা অহা বাংলাদেশী নাগৰিক আৰু ৭,৩৫৪ জন মণিপুৰৰ জাতিগত সংঘৰ্ষত উদ্বাস্ত হোৱা য’ জনগোষ্ঠীয় লোকক আশ্ৰয় দিয়া হৈছে। মায়ানমাৰৰ চিন ৰাজ্যৰ অধিকাংশ লোক ২০২১ চনৰ সামৰিক অভ্যুত্থানৰ পাছত মিজোৰামলৈ পলাই আহিছিল আৰু তেওঁলোকৰ মিজো জনগোষ্ঠীৰ সৈতে ঘনিষ্ঠ জাতিগত সম্পৰ্ক আছে।




Read more Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys