ৰিঅ’ ডি জেনেৰ’ত অনুষ্ঠিত BRICS সন্মিলনত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাই গাজাত ইজ্ৰায়েলৰ কাৰ্যকলাপক "গণহত্যা" বুলি অভিহিত কৰি তীব্ৰ নিন্দা প্ৰকাশ কৰে। তেওঁ কৈছিল যে ৫৭,০০০ ৰো অধিক সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ইজ্ৰায়েলে ক্ষুধাক যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। যদিও তেওঁ ২০২৩ চনৰ ৭ অক্টোবৰ হামাছৰ আক্ৰমণ স্বীকাৰ কৰে, লুলাই স্পষ্টকৈ কয় যে ইজ্ৰায়েলৰ প্ৰতিক্ৰিয়া ন্যায়সঙ্গত নহয়। BRICS নেতাসকলে পশ্চিমী প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ আহ্বান জনায় আৰু বহু-পাক্ষিক কূটনীতিৰ সমৰ্থন কৰে। লুলাই BRICS ক শীতল যুদ্ধৰ সময়ৰ “Non-Aligned Movement” ৰ উত্তসূৰূপ হিচাপে চিহ্নিত কৰে। ইণ্টাৰনেচনেল ক্ৰিমিনেল কোর্টৰ গ্ৰেপ্তাৰৰ পৰোৱানাৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন অনলাইন যোগদান কৰে আৰু চীনৰ ৰাষ্ট্ৰপতি জি চিনপিঙে তেওঁৰ প্ৰধানমন্ত্ৰীক প্ৰেৰণ কৰে। ইৰান আৰু ইণ্ডোনেছিয়াক অন্তর্ভুক্ত কৰাৰ পিছত BRICS এতিয়া বিশ্বৰ অৰ্ধেক জনসংখ্যা প্ৰতিনিধিত্ব কৰে।