BRICSক লৈ পুনৰ এক কঠোৰ সতর্কবাণী জাৰি কৰি, পূৰ্বতন আমেৰিকান ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে যে BRICSৰ তথাকথিত "এন্টি-আমেৰিকান" নীতিত সহমত থকা দেশসমূহক ১০% শুল্কৰ সন্মুখীন হ'ব লগা হ'ব। ইয়াৰ আগতে তেওঁ সতর্ক কৰিছিল যে যদি BRICSই বিশ্ব বাণিজ্যত ডলাৰৰ ব্যৱহাৰ কমাবলৈ চেষ্টা কৰে, তেন্তে ১০০% শুল্ক আৰোপ কৰা হ'ব। বৰ্তমানে BRICSৰ সদস্যসংখ্যা ১০ আৰু ই বিশ্ব জনসংখ্যাৰ ৪৫% আৰু GDPৰ ৩৫% ভাগ অংশীদাৰ।
চীন আৰু ৰাছিয়াৰ দৰে দেশসমূহে স্থানীয় মুদ্ৰাত বাণিজ্য আৰম্ভ কৰিলে, ভাৰতই স্পষ্ট কৰিলে যে তেওঁলোকে ডলাৰ লক্ষ্য নকৰে, কিন্তু বাণিজ্য সুৰক্ষাৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰে। ভাৰতই "ডি-ডলাৰাইজেশ্যন"ৰ সমৰ্থন নকৰে, বিশেষকৈ চীনৰ ইউয়ান মুদ্ৰাৰ উত্থানক লৈ চিন্তিত। চৰকাৰী বিষয়ববীয়াই কয়, ভাৰতৰ লক্ষ্য হৈছে বাণিজ্যৰ ঝুঁকি কমোৱা, ডলাৰৰ বিকল্প সৃষ্টি কৰা নহয়।