চীনৰ অৰ্থনীতি ২০২৫ চনৰ ভিতৰত ১৪০ ট্রিলিয়ন ইউয়ান (১৯.৫ ট্রিলিয়ন ডলাৰ) অতিক্ৰম কৰিব বুলি ৰাষ্ট্ৰীয় বিকাশ আৰু পৰিকল্পনা আয়োগ (National Development and Reform Commission) জানিবলৈ দিছে। আমেৰিকাৰ সৈতে বাণিজ্য যুদ্ধ আৰু মন্দাৰ দৰে প্ৰত্যাহ্বানৰ মাজতো, ১৪তম পঞ্চবৰ্ষীয় পৰিকল্পনা (২০২১–২০২৫) আশা কৰাতকৈ ভাল ফল দিছিল, আৰু ৫.৪% বার্ষিক গড় বৃদ্ধিৰ হাৰ অর্জন কৰিছে। এই পৰিকল্পনাত অৰ্থনৈতিক উন্নয়ন, প্ৰযুক্তিগত উদ্ভাৱন, সবুজ পৰিবৰ্তন আৰু জনকল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। চীনে নিজৰ উৎপাদন আৰু যোগান শৃংখল শক্তিশালী কৰি আৰ্থিক স্থিৰতা বৃদ্ধি কৰিছে। বিদেশী প্ৰযুক্তি নিষেধাজ্ঞাই চীনক অধিক আত্মনির্ভৰশীল আৰু উদ্ভাৱনশীল হ’বলৈ উদ্বুদ্ধ কৰিছে বুলি বিষয়া সকলে কয়। ১৫তম পঞ্চবৰ্ষীয় পৰিকল্পনা এতিয়াও তৈয়াৰ হৈ আছে, আৰু বিশেষজ্ঞসকলে টেকসই বৃদ্ধিৰ বাবে ঘৰুৱা খৰচ বৃদ্ধি কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনাইছে।