নিীতি আয়োগৰ উত্তৰ-পূৱাঞ্চল SDG সূচক ২০২৩-২৪ অনুসৰি, মিজোৰামে শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে, য'ত সকলো ১১টা জিলা ‘ফ্ৰণ্ট ৰানাৰ’ শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে। হনাথিয়াল জিলাই ৮১.৪ নম্বৰৰ সৈতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত শীৰ্ষ স্থান লাভ কৰিছে, আৰু চ্যামফাই ৭৯.৮ নম্বৰৰ সৈতে দ্বিতীয় স্থানত আছে। এই সূচক অনুসৰি ৬৫ৰ পৰা ৯৯ নম্বৰ লাভ কৰা জিলা সমূহক ফ্ৰণ্ট ৰানাৰ বুলি গণ্য কৰা হয়, যিয়ে স্বাস্থ্য, শিক্ষা, লিংগ সমতা, পৰিষ্কাৰ পানী আৰু স্থায়ী বিকাশৰ ক্ষেত্ৰত মিজোৰামৰ অগ্ৰগতি প্ৰতিফলিত কৰে। মাত্ৰ মিজোৰাম, চিক্কিম আৰু ত্ৰিপুৰাই এনে ৰাজ্য, য'ত সকলো জিলা এই শ্ৰেণীত অন্তর্ভুক্ত হৈছে। যদিও অঞ্চলটোৰ কিছু অংশত পৰিষ্কাৰ শক্তি আৰু বৈষম্য হ্ৰাসৰ ক্ষেত্ৰত সামান্য হ্ৰাস দেখা গৈছে, তথাপিও মিজোৰামে স্থায়ী উন্নয়নৰ ক্ষেত্ৰত নেতৃত্ব দিছে। ৰাষ্ট্ৰীয়ভাৱে, উত্তৰাখণ্ডে নীতি আয়োগৰ ২০২৩-২৪ SDG সূচকত প্ৰথম স্থান লাভ কৰিছে।